Jorhat-Majuli ferry service : অনিৰ্দিষ্টকাললৈ বন্ধ যোৰহাট-মাজুলী ফেৰী সেৱা; যাত্ৰীৰ হাহাকাৰ

By

Published : Jun 23, 2023, 5:27 PM IST

thumbnail

যোৰহাট, 23 জুন: মহাবাহুৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰা হৈছে যোৰহাট -মাজুলী ফেৰী সেৱা ৷ অসম আৰু কাষৰীয়া ৰাজ্য অৰুণাচলত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে মহাবাহুৰ জলস্তৰ ৷ ইয়াৰ লগতে ঘন কুৱঁলীৰ বাবে যোৰহাট-মাজুলীৰ মাজত ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, যোৰহাট আৰু মাজুলী জিলা প্ৰশাসনে ৷

অত্যাধিক বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ক্ৰমাগত ভাবে বৃদ্ধি হৈ অহাৰ সমান্তৰালভাৱে কুঁৱলী, প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ টুকুৰা উটি অহাৰ প্ৰতি লক্ষ্য ৰাখি তথা যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ উল্লেখ্য যে, বিগত কেবাদিনো ধৰি বন্ধ হৈ আছিল মাজুলী নিমাতী ফেৰী সেৱা ৷ ইফালে ফেৰী ৰখোৱা ৰেম্পসমূহৰ লগতে ফেৰীলৈ অহা-যোৱা কৰা পথসমূহ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা ৷  

পানী হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব এই ফেৰী সেৱা ৷ ইতিমধ্যে বৃহস্পতিবাৰৰ পৰা বন্ধ হৈ থকা যাত্ৰীবাহী ফেৰী সেৱাৰ বাবে যোৰহাটত আৱদ্ধ হৈ থকা মাজুলীৰ লোকসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ একাংশ লোকে নিমাতী ঘাটত উপস্থিত থকা ফেৰী চলাচল কৰিবৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগ কাকূতি-মিনতি কৰিব লগা হৈছে ৷ আনহাতে একাংশ লোকে অত্যাধিক হাৰত মাচুল প্ৰদান কৰি বগীবিল হৈ মাজুলীলৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Majuli Nimatighat ferry service : বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, অনিৰ্দিষ্টকাললৈ বন্ধ ফেৰী সেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.