Amrit Kalash Yatra: জন্মদিনৰ দিনটোত হাতত অমৃতৰ কলহ লৈ সমষ্টিবাসীৰ সৈতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:57 PM IST

thumbnail

নলবাৰী, ২ অক্টোবৰ : "মোৰ মাটি মোৰ দেশ" শীৰ্ষক গীতেৰে আজি দিনযোৰা কাৰ্যসূচীৰে নলবাৰী জিলাৰ ধৰ্মপুৰত অনুষ্ঠিত হয় অমৃত কলহ যাত্ৰা । এই অমৃত কলহ যাত্ৰাত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । ধৰ্মপুৰ সমষ্টিৰ কেইবাখনো গাঁও পঞ্চায়তত আজি শ শ আয়তীয়ে মন্ত্ৰীগৰাকীৰ উপস্থিতিত এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰে । 

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰথমে ধৰ্মপুৰৰ বৰনৰ্দ্দীত উলিওৱা অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি পোনে পোনে জিলাখনৰ ৩৫ নং পশ্চিম ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, নামঘৰ আদিৰ আধাৰশিলা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে । 

উল্লেখ্য যে, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আজি জন্মদিন ৷ মন্ত্ৰীগৰাকীয়ে আজি নিজৰ জন্মদিনটো সমষ্টিবাসীৰ সৈতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰে । ইফালে মন্ত্ৰীগৰাকীৰ জন্মদিনৰ দিনা সমষ্টিবাসীয়ে তেওঁক ওচৰত পাই যথেষ্ট আনন্দ উল্লাস কৰাৰ লগতে  দলীয় কৰ্মীৰ পৰা মণ্ডল পৰ্যায়ৰ, পঞ্চায়ত পৰ্যায়ৰ কৰ্মীয়ে আদৰি নিয়ে ৷

লগতে পঢ়ক: Gandhi Jayanti 2023 : শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ১৫৪ সংখ্যক গান্ধী জয়ন্তী পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.