ETV Bharat / state

Gandhi Jayanti 2023 : শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ১৫৪ সংখ্যক গান্ধী জয়ন্তী পালন

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 1:55 PM IST

শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপত পালন কৰা হৈছে ১৫৪ সংখ্যক গান্ধী জয়ন্তী ৷ এই অনুষ্ঠানত উপস্থিত থাকি মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

154th Gandhi Jayanti observed in Guwahati
১৫৪ সংখ্যক গান্ধী জয়ন্তী পালন

১৫৪ সংখ্যক গান্ধী জয়ন্তী পালন

গুৱাহাটী, ২ অক্টোবৰ : দেশজুৰি পালন কৰা হৈছে মহামানৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী । কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উদ্যোগত মহানগৰীৰ শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপত পালন কৰা হৈছে গান্ধী জয়ন্তী । এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, ‘‘প্ৰতিগৰাকী ভাৰতীয় আৰু বিশ্ববাসীৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন’’ । ভাষণৰ প্ৰথমতে লাল বাহাদুৰ শাস্ত্ৰী লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । অসমলৈ আহোতে গান্ধীজীয়ে কেনেধৰণৰ আহাৰ গ্ৰহণ আৰু কেনেদৰে কাম কৰিছিল তাৰে বৰ্ণনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

মহামানৱৰ আদৰ্শ সন্দৰ্ভত তেওঁ কয়, ‘‘হিন্দু ধৰ্মক অত্যন্ত প্ৰাধান্য দিছিল গান্ধীজীয়ে । ধৰ্মান্তৰকৰণৰ বিৰোধিতা কৰিছিল মহাত্মা গান্ধীয়ে । অহিংসাৰ মাজেৰে তেওঁ কাম কৰি গৈছিল’’ । তেওঁ আৰু কয়, ‘‘অমৃত কলহৰ যাত্ৰাৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন । আজি গাঁৱৰ পৰা মাটিবোৰ পঞ্চায়ত জমা দিয়া হ’ব । গান্ধী জয়ন্তীৰ দিনটোতে এই বিশেষ কাম প্ৰতিটো পঞ্চায়তত বিশেষ আয়োজনেৰে কৰা হৈছে ৮ আৰু ১৫ অক্টোবৰত ব্লক কাৰ্যালয়লৈ আহিব ৷ 2৬ তাৰিখে গুৱাহাটীলৈ আহিব আৰু ২৭ তাৰিখে নতুন দিল্লীলৈ যাত্ৰা কৰিব’’ ৷

উল্লেখ্য যে, সৰ্বধৰ্মী প্ৰৰ্থনাৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ কুইন ওজা, মেয়ৰ মৃগেণ শৰণীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত পল্লৱ গোপাল ঝা, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি কেবাজনো লোক ।

লগতে পঢ়ক : Gandhi Ghar at Sarania Hill: গুৱাহাটীৰ ‘গান্ধী ঘৰ’ত আজিও আছে মহাত্মা গান্ধীৰ মাদকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.