বিৰোধীৰ কথা অৰ্থহীন, জনসাধাৰণে বিশ্বাসত নলয় সেয়া প্ৰমাণ হ’ল : অতুল বৰা

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 6:45 PM IST

thumbnail

গোলাঘাট, 4 ডিচেম্বৰ : "প্ৰধানমন্ত্ৰী মোদীৰ দক্ষ নেতৃত্ব, সু-শাসনত গৰীৱৰ পৰা সকলো শ্ৰেণীৰ লোকেই চৰকাৰখনৰ পৰা লাভান্বিত হৈছে ৷ সেইবাবেই ফলাফল এনেকুৱা হৈছে ৷ এয়া বৃহৎ জয় ৷" পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত এই মন্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৷ সোমবাৰে গোলাঘাটত অগপৰ এক বিশেষ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীজনে ৷  

মন্ত্ৰীজনে কয় যে, 2024 ত প্ৰধানমন্ত্ৰী মোদীৰ ৰাস্তা একেবাৰে মসৃণ ৷ বিগত দিনসমূহত বিৰোধী দল সমূহ তথা বিৰোধী পক্ষই যিবিলাক কথা কৈ আছিল, সেইবিলাক যে অৰ্থহীন, জনসাধাৰণে যে বিশ্বাসত নলয় সেই কথাখিনি চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিলে বুলি কয় মন্ত্ৰী বৰাই ৷  

আনহাতে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহ একলগ হোৱাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছৰ নিজৰ মাজতেই একতা নাই ৷ কংগ্ৰেছে যোৱা দিন কেইটাত যিসমূহ কথা কৈছিল আৰু দেওবাৰৰ নিৰ্বাচনী ফলাফলৰ পিছত সেই কথা সমূহ যে আকাশত চাং পতা ধৰণৰ আছিল সেই কথা প্ৰমাণিত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷  

উল্লেখ্য যে, সোমবাৰে গোলাঘাটৰ এক দলীয় সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই ৷ এই সভাত অংশগ্ৰহণ কৰি সকলো দলৰ কৰ্মীকে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনায় মন্ত্ৰীজনে ৷ 

লগতে পঢ়ক : মহাভাৰতৰ যুদ্ধত কৌৰৱৰ দৰে বিজেপিয়েও লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিব: ভূপেন‌ বৰা‌

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.