Ashok Singhal slams Aminul Islam: মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছে যেতিয়া সেই কাম মই কৰি যাম: অশোক সিংহল

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:36 PM IST

thumbnail

গুৱাহাটী,৭ নৱেম্বৰ: এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক উভতি ধৰিলে মন্ত্ৰী অশোক সিংহলে ।  এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে মন্ত্ৰী অশোক সিংহলক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী সিংহলে । বিধায়কগৰাকীৰ মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ কয় "যিয়ে যি কয় কয় থাকক । মুখ্যমন্ত্ৰীয়ে মোক দায়িত্ব দিছে সেই কাম মই কৰি যাম । আমাৰ চিন্তা হৈছে, আমাৰ হাতৰ পৰা যোৱা বজাৰ পথাৰ কেনেকৈ ঘূৰাই আনিব পাৰো । অহা ১০বছৰত আমাৰ হাতৰ পৰা ওলাই যোৱা বজাৰ পথাৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিম ।"  

উল্লেখ্য যে সোমবাৰে মন্ত্ৰী অশোক সিংহলে  এ আই ইউ ডি এফক শৰাইঘাটৰ যুদ্ধৰ বাবে সাজু হ'বলৈ কোৱা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে অশোক সিংহল অসম আক্ৰমণ কৰিবলৈ অহা মোগল সেনাৰ বংশধৰ বুলি উল্লেখ কৰিছিল । বিধায়কগৰাকীয়ে ৰামসিংহৰ অসমত থাকি যোৱা সেনাৰ বংশধৰ অশোক সিংহল বুলি কৈ মন্তব্য কৰি পুনৰ শৰাইঘাটৰ যুদ্ধ হ'লে অশোক সিংহলে অসম এৰি যাব লাগিব বুলি মন্তব্য আগবঢ়াইছিল ।  

লগতে পঢ়ক: Nameri National Park:নামেৰীৰ লগত সংযোগ হ’ব ওৰাং-সোণাই-ৰূপাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.