ETV Bharat / state

Nameri National Park:নামেৰীৰ লগত সংযোগ হ’ব ওৰাং-সোণাই-ৰূপাই

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 4:44 PM IST

chandra mohan patowary visits tezpur
বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

বন বিভাগৰ বিলাসী গাড়ী ক্ৰয় কৰাৰ নামত সংঘটিত হৈছে বৃহৎ ধনৰ কেলেংকাৰী ৷ এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

তেজপুৰ, ৭ নৱেম্বৰ : তেজপুৰত উপস্থিত হৈ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বন বিভাগৰ আধুনিকীকৰণৰ বিষয়ে উল্লেখ কৰি কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অত্যাধুনিক ৰিজৰ্ট আৰু জীপ চাফাৰী প্ৰৱৰ্তন কৰি ৰাষ্ট্ৰীয় উদ্যানৰ আধুনিক পৰ্যায়লৈ নিয়া হৈছে ৷ তাৰ ঠিক সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জীৱ জন্তুৰ বাহিৰলৈ ওলাই আহিলে কেনেদৰে স্থানীয় ৰাইজৰ সহযোগত পুনৰ ঘূৰাই পঠাব পাৰি তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ।

বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে প্ৰথমবাৰৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতী চাফাৰী আৰম্ভ কৰা হৈছে যিটো পূৰ্বতে নাছিল । নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কাষৰীয়া সোণাই ৰূপাই অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰি জীৱ জন্তুৰ অহা যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

আনহাতে বন বিভাগৰ বিলাসী বাহন ক্ৰয়ৰ নামত হোৱা বিয়াগোম কেলেংকাৰীৰ বিষয়ে বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে অসমৰ ৰাজ্যপাললৈ এই বিষয়ে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰি তদন্তৰ বাবে আবেদন কৰিছিল । এই বাতৰি প্ৰকাশৰ পিচতে বন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিষয়টোত হস্তক্ষেপ কৰি তদন্ত ঘোষণা কৰে বুলি মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে । ফ্ৰান্সৰ পৰা অহা বিত্তীয় পুঁজিৰ আৱণ্টনেৰে এই বিলাসী গাড়ী ক্ৰয় কৰা হৈছিল । পূৰ্বৰ প্ৰকল্প সঞ্চালক পৱন কুমাৰে কেৰেলাৰ এছ বি এল ন’লেজ ছাৰ্ভিচ লিমিটেডক বন বিভাগৰ বাবে ১২৯ খন গাড়ী ক্ৰয় কৰিবলৈ ঠিকাৰ আৱন্টন দিছিল ।

বৰ্তমানৰ প্ৰকল্প সঞ্চালক সন্দিপ কুমাৰে দায়িত্ব লোৱাৰ পিচতে এই কেলেংকাৰীৰ বাবে কোম্পানীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে বুলি দিলীপ নাথে জানিবলৈ দিয়ে । বন আৰু জীৱ বৈচিত্ৰ সংৰক্ষণৰ অসম প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ মুঠ ১২৯ খন বিভিন্ন প্ৰকাৰৰ গাড়ী ক্ৰয়ৰ বাবে অসম চৰকাৰে নিবিদা বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছিল । এই সম্পূৰ্ণ প্ৰক্ৰিয়াৰে ১২৯ খন গাড়ী যোগান ধৰাৰ বাবে কেৰেলাৰ এই কোম্পানীটোয়ে নিবিদা লাভ কৰিছিল ৷

লগতে পঢ়ক : Nameri National Park : পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.