Nameri National Park : পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 7:14 PM IST

thumbnail

তেজপুৰ, 6 নৱেম্বৰ : ৰাজ্যবাসীৰ বাবে সুখবৰ ৷ আজি অৰ্থাৎ 6 নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল শোণিতপুৰস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান ৷ আজি ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে ফিটা কাটি নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ লগতে প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকি বন মন্ত্ৰীগৰাকীয়ে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে ৷

এই শুভ মুহূৰ্তত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সংগ দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । আনহাতে ইটালীৰ পৰা অহা পৰ্যটকৰ সৈতেও বাৰ্তালাপ কৰে বন মন্ত্ৰীগৰাকীয়ে । এইবাৰৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সহায় হোৱাকৈ নিয়মীয়াকৈ হাতী চাফাৰী কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে ৷ 

লগতে পঢ়ক: Illegal wood seized: পুষ্পাৰ ষ্টাইলত কাঠৰ চোৰাং বেহা খোদ বন বিষয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.