গোলাঘাটৰ বেঙেনাখোৱাত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 2:29 PM IST

thumbnail

গোলাঘাট, 2 নৱেম্বৰ: গোলাঘাটৰ বেঙেনাখোৱাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অঞ্চলটোৰ গংগাৰাম বনিয়া নামৰ লোকজনৰ বাসগৃহৰ লগতে তিনিটাকৈ ভাড়াঘৰ অগ্নিকাণ্ডত ভস্মীভূত হয় ৷ প্ৰায় কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ভস্মীভূত হয় এই অগ্নিকাণ্ডৰ ফলত ৷ 

অগ্নিকাণ্ডৰ ফলত প্ৰায় 6 টা গেছ ভৰ্তি চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ লয় ৷ অগ্নিকাণ্ডৰ খবৰ গোলাঘাট অগ্নিনিৰ্বাপক বাহিনীক দিয়াত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন আৰু গোলাঘাট সদৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ কিহৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । 

আৰক্ষীৰ তদন্তৰ পাছতে পোহৰলৈ আহিব কিহৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক: বৰপথাৰৰ দুৱৰণীত নিশা অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.