Massive fire broke out in Dibrugarh: কালী পূজাৰ আনন্দ উল্লাসৰ মাজতে ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 1:09 PM IST

thumbnail

ডিব্ৰুগড়, 15 নৱেম্বৰ: দীপাৱলী আৰু কালী পূজাৰ আনন্দ উল্লাসৰ মাজতে মঙলবাৰে নিশা ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ডিব্ৰুগড় চহৰৰ খনিয়া গাওঁৰ ৰ'দালি পথৰ সঞ্জয় ভূমিজৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত সঞ্জয় ভূমিজৰ বাসগৃহটো সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়।

সঞ্জয় ভূমিজৰ বাসগৃহৰ লগতে কাষতে থকা ভাড়াঘৰসহ বহু পৰিয়ালৰ এই অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে । ইফালে অগ্নিকাণ্ডৰ পাচতেই ঘটনাস্থলী অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ৷ ঘৰত কোনো নথকা সময়ত সংঘটিত এই অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ'ল সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই ।

অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও সঞ্জয় ভূমিজৰ বাসগৃহৰ লগতে কেইবালাখ টকাৰ সম্পত্তি জুইত জাহ যায় ।

লগতে পঢ়ক: Fire Breaks out at Lengtisinga : বঙাইগাঁৱৰ লেংটিছিঙাত ভয়ংকৰ অগ্নিকাণ্ড, তিনিটাকৈ ঘৰ ভস্মীভূত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.