Fire Broke out in Dal Lake : শ্ৰীনগৰৰ ডাল হ্ৰদত ভয়ংকৰ অগ্নিকাণ্ড; ক্ষতিগ্ৰস্ত কেইবাখনো হাউছবোট

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:59 AM IST

thumbnail

নিউজ ডেস্ক, ১১ নৱেম্বৰ : শ্ৰীনগৰৰ ডাল হ্ৰদত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । হ্ৰদত থকা কেইবাখনো হাউছবোটক গ্ৰাস কৰে জুইৰ লেলিহান শিখাই । শ্ৰীনগৰৰ ডাল হ্ৰদত ৰখাই থোৱা এখন হাউছবোটত প্ৰথমতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । তাৰ পৰায়ে পৰৱৰ্তী সময়ত আন হাউছবোটকেইখনলৈ এই জুই বিয়পি পৰে ।  

অগ্নি আৰু জৰুৰীকালীন বিভাগৰ এগৰাকী বিষয়াই ইটিভি ভাৰতক জনায়, "আমি আজি পুৱা তথ্য লাভ কৰোঁ যে হ্ৰদৰ ৯ নং ঘাটৰ ওচৰৰ ৰখাই থোৱা ছাফিনা হাউচবোটত জুই লাগে । পৰৱৰ্তী সময়ত এই জুই তিনি-চাৰিখনমান হাউছবোটলৈ বিয়পি পৰে ।"

তেওঁ লগতে কয়, "এই সন্দৰ্ভত লগে লগে সতৰ্কবাণী জাৰি কৰা হৈছে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে আমাৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণলৈ অনাৰ বাবে অভিযান আৰম্ভ কৰা হয় । এই জুই তিনিৰ পৰা চাৰিখন হাউছবোটলৈ বিয়পি পৰিছে । অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।"  

বিভাগটোৱে লগতে এইটোও কয় যে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই । আনহাতে অগ্নি নিৰ্বাপণৰ পিছত প্ৰকৃততে কিমান ক্ষতি হৈছে তাৰ মূল্যাঙ্কন কৰা হ'ব ।

উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়া শ্ৰীনগৰৰ হুমামা অঞ্চলৰ এটা তিনিমহলীয়া অট্টালিকাতো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । এই ঘটনাত এগৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী আহত হয় ।

লগতে পঢ়ক :Fire Broke Out In A Passenger Bus: যাত্ৰীবাহী বাছত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যু এজন, আহত 30

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.