ETV Bharat / bharat

Fire Broke Out In A Passenger Bus: যাত্ৰীবাহী বাছত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যু এজন, আহত 30

author img

By ANI

Published : Nov 11, 2023, 8:29 AM IST

Updated : Nov 11, 2023, 9:15 AM IST

several killed several injured as fire breaks out in passenger bus on NH 16 in West Bengal
পশ্চিম বংগত শোকাৱহ দুৰ্ঘটনা

যাত্ৰীবাহী বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে 30 গৰাকী লোক আহত ৷ পশ্চিম বংগৰ পশ্চিম মিদনাপুৰৰ মাদপুৰৰ 16 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ মন্ত্ৰী মানস ৰঞ্জন ভূনিয়াই এই দুৰ্ঘটনাটোক দুৰ্ভাগ্যজনক ঘটনা আখ্য দিয়ে ৷

নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ: পশ্চিমবংগত শোকাৱহ দুৰ্ঘটনা ৷ যাত্ৰীবাহী বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত সংঘটিত হয় মৰ্মান্তিক ঘটনা ৷ ৰাজ্যখনৰ পশ্চিম মিদনাপুৰৰ মাদপুৰৰ 16 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এখন যাত্ৰীবাহী বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু ফলত এজন লোক নিহত হোৱাৰ লগতে প্ৰায় 30 জন লোক আহত হয় বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত সংবাদ সংস্থা ANI ৰ আগত পশ্চিমবংগৰ মন্ত্ৰী মানস ৰঞ্জন ভূনিয়াই কয় যে বাছখন কলকাতাৰ পৰা ওড়িশালৈ গৈ আছিল । যাত্ৰাৰত অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এই তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।

মন্ত্ৰী মানস ৰঞ্জন ভূনিয়াই কয়, "এয়া এক দুৰ্ভাগ্যজনক ঘটনা আৰু এনে কাণ্ড পূৰ্বে কাহানিও সংঘটিত হোৱা নাই । কলকাতাৰ পৰা ওড়িশা অভিমুখে আহি থকা এখন বাছত অগ্নিসংযোগ ঘটে আৰু ইয়াৰ ফলত এজন লোকৰ মৃত্যু ঘটে ৷ ইয়াৰ বিপৰীতে জুইত আঘাত পোৱাৰ ফলত আন বহু লোক আহতপ্ৰাপ্ত হৈছে । আমাৰ আৰক্ষী অধীক্ষক আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছিল । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পিচত ততাতৈয়াকৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল ৷"

মন্ত্ৰী মানস ৰঞ্জন ভূনিয়াই লগতে কয়, " ঘটনাটোৰ ফলত নিশ্চিতভাৱে এগৰাকী লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে আৰু আন বহু লোক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে । আমি শনিবাৰে তেওঁলোকক গন্তব্যস্থানলৈ পঠোৱাৰ বাবে ব্যৱস্থা কৰিম ।"

লগতে পঢ়ক: Theft in Rangia:ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত চোৰে চিচিটিভিসহ লুট কৰিলে আ-অলংকাৰ

Last Updated :Nov 11, 2023, 9:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.