জোনাইৰ মিগম দলুঙত ভয়ংকৰ অগ্নিকাণ্ড, জাহ গ’ল লক্ষাধিক টকাৰ সম্পত্তি

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:17 PM IST

thumbnail

জোনাই, 18 ডিচেম্বৰ : জোনাইৰ মিগম দলুঙত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় ৷ জোনাইৰ মিগম দলুঙৰ নিবাসী তথা ব্যৱসায়ী ইউছুফ মনচুৰী নামৰ ব্যক্তিজনৰ বাসগৃহত এই ঘটনা সংঘটিত হয় ৷

জানিব পৰা মতে মিগম দলুঙৰ ব্যৱসায়ী ইউছুফ মনচুৰীৰ বাসগৃহৰ গাতে লাগি থকা কম্বলৰ গুদামত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত নিমিষতে কম্বলৰ গুদামটো সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায় ৷ এই অগ্নিকাণ্ডত প্ৰায় বাৰ লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় বুলি জানিব পৰা গৈছে ৷

ইফালে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় জোনাই অগ্নিনিৰ্বাপক বাহিনী ৷ অগ্নিনিৰ্বাপক বাহিনী আৰু জোনাই আৰক্ষীৰ তৎপৰতাত কোনোমতে ব্যক্তিজনৰ বাসগৃহটো অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে ৷ অৱশ্যে এই অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হ’ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ৷ 

লগতে পঢ়ক : পাঁচমহলীয়া বিল্ডিং আৰু পানীৰ পাইপ আছে, কিন্তু ৰাইজেহে নাপায় বিশুদ্ধ খোৱাপানী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.