পাঁচমহলীয়া বিল্ডিং আৰু পানীৰ পাইপ আছে, কিন্তু ৰাইজেহে নাপায় বিশুদ্ধ খোৱাপানী

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 2:29 PM IST

thumbnail

মিৰ্জা, 18 ডিচেম্বৰ : ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ পৰা ৰাইজ উপকৃত হৈছে নে ! ‘আছে গৰু নাবায় হাল হোৱাতকৈ নোহোৱাই ভাল’ৰ দৰে হৈছে নেকি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিলাষী প্ৰকল্পসমূহ ৷ কিয়নো উক্ত প্ৰকল্পসমূহ এতিয়া ফুলদানীলৈ পৰ্যবসিত হৈছে ৷ তেনে পানী যোগান কেন্দ্ৰ এটা আছে ছয়গাঁৱৰ মাকেলিত ৷

ছয়গাঁৱৰ মাকেলিত পানী যোগান কেন্দ্ৰৰ আছে পাঁচমহলীয়া বিল্ডিং, পানীৰ পাইপ কিন্তু ৰাইজেহে নাপাই বিশুদ্ধ খোৱাপানী ৷  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিলাষী প্ৰকল্পই বছৰ বছৰ ধৰি খোৱাপানীৰ সমস্যাত ভুগি থকা ছয়গাঁৱৰ মাকেলিবাসীক কিছু সকাহ দিব বুলি আশা কৰিছিল স্থানীয় ৰাইজে ৷ কিন্তু বৃহৎ পানী যোগান প্ৰকল্পৰ পৰা ৰাইজে নাপালে কোনো সুফল ৷

মাকেলি পানী যোগান কেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ কৰা দুটা বছৰে হ’ল কিন্তু কেন্দ্ৰটোৰ পৰা ৰাইজে এটুপিও পানী নোপোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ আনকি কেন্দ্ৰতো বৃহৎ তলা ওলোমাই ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই ৷ অৱশেষত উপায়ন্ত হৈ ৰাইজে নিজ নিজ গৃহতে প্ৰায় বিশ হাজাৰ টকাকৈ খৰছ কৰি নিজে পানীৰ পাম্প স্থাপন কৰিব লগা হৈছে বুলি উল্লেখ কৰে ৰাইজে ৷

লগতে পঢ়ক : বুট মাহৰ বিষক্ৰিয়া ঘটি শিশু মহিলাসহ শতাধিক লোক অসুস্থ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.