ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাৰখাৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 12:59 PM IST

thumbnail

নগাঁও,২৮ ডিচেম্বৰ: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক আকাশী গঙ্গাৰ পাৰত বুধবাৰে মাজ নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । বটদ্ৰৱা থানৰ আকাশী গঙ্গাৰ পাৰত উত্তৰ-পশ্চিম প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থিত ২০ খনতকৈ অধিক দোকান ভস্মীভূত হয় অগ্নিকাণ্ডত । দোকানত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ ।  

অগ্নিকাণ্ডৰ ফলত ৫০ লাখৰো অধিক টকাৰ সম্পত্তি জ্বলি ছাৰখাৰ হয় । ফলত বটদ্ৰৱা থান চৌহদৰ ব্যৱসায়ীসকলৰ বিস্তৰ ক্ষতিসাধন বুলি ভুক্তভোগী ব্যৱসায়ীসকলে জনায় । পিছত বটদ্ৰৱা থান চৌহদত থকা অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনে অগ্নিনিৰ্বাপন কৰিব নোৱাৰাত পৰৱৰ্তী সময়ত নগাঁও আৰু ধিঙৰ পৰা আন দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে স্থানীয় ৰাইজৰ সহযোগত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ভুক্তভোগী ব্যৱসায়ীসকলে উচিত ক্ষতিপূৰণ দিয়াৰ আহ্বান জনায় চৰকাৰক । 

লগতে পঢ়ক: নলবাৰী চহৰত ভয়ংকৰ অগ্নিকাণ্ডত ভষ্মীভূত বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.