Many encounters in Assam : হিমন্ত বিশ্ব শৰ্মাৰ দিনত 174 টা এনকাউণ্টাৰৰে ৰাজ্যত চলিছে মুক্তহত্যাৰ যজ্ঞ

By

Published : Feb 26, 2023, 10:53 PM IST

thumbnail

গুৱাহাটী, 26 ফেব্ৰুৱাৰী : চৰ্চাত অসম অৰক্ষীৰ এনকাউণ্টাৰৰ প্ৰসংগ (Assam Police Encounter) ৷ ৰাজ্যত চলি থকা এনকাউণ্টাৰৰ সন্দৰ্ভত ৰাইজৰ দলে দেওবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰে এখনি সংবাদমেলৰ (Press meet of Raijor Dal) ৷

এই সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিদ্বয় ভাস্ক’ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন আৰু সাধাৰণ সম্পাদক ৰাছেল হুছেইন কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনত এতিয়া ৰাজ্যত চলি আছে মুক্তহত্যাৰ যজ্ঞ । যাৰ পুৰোহিত খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এই কাৰ্যত সহযোগ কৰিছে DGP জে পি সিঙে’’ ।

লগতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ডি শইকীয়া কয়, ‘‘মুখ্যমন্ত্ৰী শাসনলৈ অহাৰ পিছত 2021 চনৰ 10 মে’ৰ পৰা এতিয়ালৈ ৰাজ্যত 174 টা এনকাউন্টাৰ সংঘটিত হৈছে (174 encounters in Assam during Himanta Biswa Sarma Govt) । আৰক্ষীৰ এনকাউন্টাৰত এতিয়ালৈ 61 জন লোকৰ মৃত্যু হৈছে । আনহাতে, ঘুণীয়া হৈছে 145 জন’’ ।

লক্ষণীয় কথা এই যে, 174 টা এনকাউন্টাৰৰ ভিতৰত মাত্ৰ 2 টাৰহে উচ্চ পৰ্যায়ৰ তদন্ত হৈছে । ইয়াৰে এটা নগাঁৱৰ কৃতিকমল বৰাৰ এনকাউন্টাৰ । যিটো মুখ্যসচিব পবন কুমাৰ বৰঠাকুৰৰ তদন্ত কমিটিয়ে এই এনকাউন্টাৰক ভুৱা বুলি ইতিমধ্যে প্ৰমাণিত কৰিছে । আনটো হ’ল দৰঙৰ ধুলাত হোৱা এনকাউন্টাৰ ৷ যিটো অসম ৰাজ্যিক মানৱ অধিকাৰ সমিতিৰ তদন্তৰ পিচত পোহৰলৈ আহিছে ৷ এই কথা উল্লেখ কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই ৷

তেওঁ আৰু কয়, ‘‘প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শ‍ইকীয়াৰ দিনত ভাৰতীয় সেনাই যেনেকৈ অসমবাসীৰ ওপৰত অত্যাচাৰ চলাইছিল ৷ নাইবা প্ৰফুল্ল মহন্তৰ দিনত যেনেকৈ ছালফা কিন্বা গুপ্তঘাটক লাগি অসমত অত্যাচাৰ আৰম্ভ কৰিছিল, সেই একেদৰেই এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীয়ে অসমবাসীৰ ওপৰত এনকাউন্টাৰৰাজ চলাইছে’’ ।

উত্তৰ প্ৰদেশৰ আৰ্হিৰে এনকাউন্টাৰৰ ৰাজনীতি, বুলড’জাৰৰ ৰাজনীতি আৰু ধৰ্ম চাই উচ্ছেদ চলোৱা যি ৰাজনীতি সেই ৰাজনীতিয়ে অনাগত দিনত অসমলৈ এক ভয়ংকৰ পৰিৱেশ নমাই আনিব বুলিও ভাস্ক’ডি শইকীয়াই উল্লেখ কৰে ৷ সেয়ে সময় থাকোতেই অসমবাসী ৰাইজক সজাগ তথা সচেতন হৈ চৰকাৰৰ এই এনকাউন্টাৰ ৰাজৰ বিৰুদ্ধে জনমত গঠন কৰাৰ বাবে আহ্বান জনায় ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিদ্বয় ভাস্ক’ডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনৰ লগতে সাধাৰণ সম্পাদক ৰাছেল হুছেইন  ।

লগতে পঢ়ক : Rowta Police Encounter : আৰক্ষীয়ে গুলীয়ালে কাক; ডিম্বেশ্বৰ নে কেনাৰামক ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.