Manah National Park: ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:12 PM IST

thumbnail

বাক্সা,২৮ ছেপ্টেম্বৰ: প্ৰকৃতি প্ৰেমী সকলৰ বাবে সু-খবৰ ৷ সুদীৰ্ঘ সময়ৰ পাচত এই বৰ্ষৰ ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ  ৷ বৃহস্পতিবাৰে এক জাননীযোগে মানাহৰ ক্ষেত্ৰ সঞ্চালক ৰাজেন চৌধুৰীয়ে সদৰী কৰে এই কথা ৷ বাৰিষাৰ বাবে যোৱা যোৱা ৫ জুনত বন্ধ কৰি দিয়া হৈছিল ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ ৷ বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰত আয়োজিত অনুষ্ঠানৰ জৰিয়তে ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ব ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ ৷  

মানাহ মাউজী গেন্দ্ৰী ইক'ট্যুৰিজিম ছ'ছাইটি প্ৰাক্তন সভাপতি কালিচৰণ বসুমতাৰীয়েও এই সন্দৰ্ভত আগবঢ়াই মন্তব্য। বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা প্ৰকাশ কৰে প্ৰাক্তন সভাপতিগৰাকীয়ে । ১ অক্টোবৰৰ পৰা পৰ্যটকসকলে পুনৰ হাতী ছাফাৰীৰ পৰা জীপ ছাফাৰীলৈ সকলোৰে আনন্দ উপভোগ কৰিব পাৰিব বুলি জনাই জাননীখনত ৷

লগতে পঢ়ক: CM visits convocation:অসম আৰক্ষীক খালী পদ নথকা বিভাগলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য:মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.