Aditya Payeng death case: মাজুলীলৈ এতিয়া চিকিৎসক আহিব নিবিচাৰে: বিধায়ক ভুৱন গাম

By

Published : Oct 19, 2022, 5:46 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

পুনৰ বিতৰ্কত মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় (Majuli civil hospital controversy)। তেজস্বিতাৰ মৃত্যুৰ (Tejaswita death controversy) পাছত এইবাৰ আন এগৰাকী ৩৫ বছৰীয়া যুৱকৰ মৃত্যুক লৈ উত্তাল মাজুলী । হাস্পতালখনত চিকিৎসাধীন অৱস্থাত মঙলবাৰে মৃত্যু হয় আদিত্য পায়েং নামৰ যুৱকজনৰ (Aditya Payeng death case)। পৰিয়ালৰ অভিযোগ চিকিৎসকৰ গাফালতিৰ বাবেই মৃত্যু হৈছে আদিত্য পায়েঙৰ ৷ ইফালে তেওঁৰ মৃত্যুৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই বিতৰ্কক কেন্দ্ৰ কৰি বুধবাৰে মাজুলীৰ বিধায়ক ভুৱন গামে এক সংবাদমেল অনুষ্ঠিত কৰে (MLA Bhuban Gam press meet) ৷ সংবাদমেলযোগে বিধায়কগৰাকীয়ে কয় যে, আদিত্য পায়েঙক ১০৮ সেৱাৰে ঘৰৰ পৰা আনি আই চি ইউ ত চিকিৎসা প্ৰদান কৰা হৈছিল ৷ কিন্তু পৰিয়ালৰ লোকে যিদৰে মন্তব্য আগবঢ়াইছে, এনে মন্তব্যই চিকিৎসকৰ মনোবল ভাঙে ৷ এনে পৰিস্থিতিৰ বাবে মাজুলীলৈ এতিয়া চিকিৎসক আহিব নিবিচাৰে বুলি তাপৰ্য্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে । সংবাদমেলত বিধায়কগৰাকীয়ে আদিত্য পায়েঙৰ পৰিয়ালৰ অভিযোগ এক প্ৰকাৰে নসাৎ কৰে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.