ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনসহ 22 জনীয়া এটা দল

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:36 PM IST

Updated : Nov 23, 2023, 10:13 PM IST

thumbnail

যোৰহাট, 23 নৱেম্বৰ : ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত বৰ্তমান ফেৰী আৰু জাহাজ চলাচলত অসুবিধাৰ সন্মুখীন হৈছে আভ্যন্তৰীণ জল পৰিৱহন বিভাগ ৷ ফলত নদীৰ মাজত প্ৰায়েই আৱদ্ধ হৈ পৰিছে জাহাজ আৰু ফেৰী ৷

বৃহস্পতিবাৰে তেনে এক ঘটনাই পুনৰাবৃত্তি হ’ল ৷ ব্ৰহ্মপুত্ৰৰ মাজত বৰ্তমান আৱদ্ধ অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনসহ এটা 22 জনীয়া দল ৷ মাজুলীৰ ব্ৰহ্মপুত্ৰৰ আঁহতগুৰি সুবিধা চাপৰিত আৱদ্ধ হৈ আছে দলটো ৷

দিনৰ 12 মান বজাত দলীয় কামত আঁহতগুৰি চাপৰিলৈ গৈছিল দলটো ৷ ইতিমধ্যে নদীৰ মাজত আৱদ্ধ বিধানসভাৰ উপাধক্ষ্যসহ দলটোক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীলৈ ৰাওনা হৈছে SDRF ৰ দল ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত নদীৰ মাজত যন্ত্ৰচালিত নাওখন আৱদ্ধ হৈ পৰে বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক : নলবাৰীৰ হৰি মন্দিৰত সমূহীয়া বিবাহ, জয়ন্ত মল্ল বৰুৱাৰ কন্যাদান

Last Updated : Nov 23, 2023, 10:13 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.