ETV Bharat / state

নলবাৰীৰ হৰি মন্দিৰত সমূহীয়া বিবাহ, জয়ন্ত মল্ল বৰুৱাৰ কন্যাদান

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 7:42 PM IST

গাত মাহ-হালধি সানি একেখন ৰভাতলিতে বহিল কেইগৰাকী দৰা-কইনা । সম্পন্ন হ'ল তেওঁলোকৰ উপনয়ন । জয়ন্ত মল্ল বৰুৱাই কন্যাদানেৰে আশীৰ্বাদ দিলে দৰা-কইনাক ।

Community marriage
নলবাৰীৰ হৰি মন্দিৰত সমূহীয়া বিবাহ

নলবাৰীৰ হৰি মন্দিৰত সমূহীয়া বিবাহ

নলবাৰী, ২৩ নৱেম্বৰ : উখল-মাখল নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰ । আয়তীৰ উৰুলি, বিয়ানাম আৰু পুৰোহিতৰ মাংগলিক ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ অঞ্চলটো । হোমক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিছে দৰা-কইনাই । ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰো গাত বিয়া লাগিছে ! ইফালে কন্যাদানো কৰিলে মন্ত্ৰীগৰাকীয়ে । আচলতে এখন বিয়া নহয় । হৰি মন্দিৰত একেলগে সম্পন্ন হৈছে কেইবাখনো বিয়া ।

ৰাইজক সাক্ষী কৰি ১০ গৰাকী কইনাক শিৰত সেন্দুৰ দিলে ১০ জন দৰাই । আচলতে জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে হৰি মন্দিৰত সমূহীয়া বিবাহ কাৰ্যসূচীৰ আয়োজন কৰা হয় । য'ত ১০ দম্পতীয়ে বিবাহপাশত আৱদ্ধ হয় । বিভিন্ন কাৰণত ৰাজহুৱা বিবাহৰ পৰা বঞ্চিত দম্পতীকেইটাৰ এনেদৰে বিবাহ কাৰ্য সম্পন্ন কৰে প্ৰশাসনে । য'ত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে । মন্ত্ৰীগৰাকীৰ লগতে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাইও দৰা-কইনাসকলক আশীৰ্বাদ দিয়ে ।

পৰম্পৰাগত সম্পূৰ্ণ বৈদিক নিয়মেৰে এই সমূহীয়া বিবাহ অনুষ্ঠিত হয় । সমান্তৰালকৈ উপস্থিত ৰাইজৰ বাবে বিশেষ আপ্যায়নৰো ব্যৱস্থা কৰা হয় । লক্ষণীয়ভাৱে প্লাষ্টিকৰ পৰিৱৰ্তে কল পটুৱাত ৰাইজক আহাৰ পৰিৱেশন কৰা হয় । জিলা প্ৰশাসনৰ উদ্যোগত সমাজ কল্যাণ বিভাগে আয়োজন কৰা এই সমূহীয়া বিয়াক লৈ আনন্দিত ন-দম্পতী । সকলোৱে প্ৰশাসন তথা চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় ।

ইফালে অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দৰা-কইনাসকলক শুভেচ্ছা জ্ঞাপন কৰে । লগতে প্ৰতিবছৰে এইধৰণে নলবাৰীৰ হৰি মন্দিৰত সমূহীয়া বিবাহ কাৰ্যসূচী আয়োজনৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । ইচ্ছুক প্ৰাৰ্থীসকলক ইয়াৰ বাবে আবেদন জনাবলৈও তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক :তৃতীয় মৃত্যু বাৰ্ষিকীত প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাৰে স্মৰণ ধেমাজি কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.