Majuli sprouts farming:মাজুলীৰ টিকৰাই চাপৰিত প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন মাটিমাহ মগুমাহৰ খেতি

By

Published : May 25, 2023, 10:40 AM IST

thumbnail
()

মাজুলী, 25 মে’ : মাজুলীৰ টিকৰাই চাপৰিত পোন প্ৰথমবাৰৰ গ্ৰীষ্মকালীন বতৰত মাটিমাহ-মগুমাহৰ খেতি কৰিছে মাজুলীৰ কেইবাজনো কৃষকে । বাৰিষাৰ সময়ত চনপৰি থকা চৰ চাপৰিৰ মাটিক সোণত পৰিণত কৰিছে মাজুলীৰ কৃষক ৰাজু কলিতা, বিমল কলিতাকে ধৰি কেইবাজনো কৃষকে (Majuli sprouts farming) । বাৰিষাৰ সময়ত চনপৰি থকা চৰ-চাপৰিৰ ৩০ বিঘা মাটিত মাটিমাহ তথা মগুমাহৰ খেতি কৰি পাঁচলাখ টকা উপাৰ্জনৰ লক্ষ্য এই কেইজন কৃষকৰ (Self reliance through sprouts farming) । কপালৰ ঘাম মাটিত পেলাই কৰা মাটিমাহ, মগুমাহ কেইডৰা লগ পহকৈ বাঢ়ি অহা দেখি কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙি উঠিছে ।

খৰালি কৰা খেতিও উন্নত বীজেৰে বাৰিষা দিনতো যে কৰিব পাৰি তাৰ উৎকৃষ্ট উদাহৰণ টিকৰাই চাপৰিত হোৱা এয়া মাটিমাহ-মগুমাহৰ খেতি । আশানুৰূপ ফচলে আশাৰ বতৰা আনিছে কৃষকলৈ । কৃষি বিভাগৰ কৰ্মচাৰী অনুপম দত্তৰ পৰাৰ্মশৰে কৃষি কৰ্মত নামিছিল এই কৃষকসকল ৷ অনুপম দত্তই পৰিদৰ্শন কৰে তেওঁৰ পৰামৰ্শৰে কৰা খেতি কেইডৰা । তেওঁ মাজুলীৰ কৃষক সকলক কয় মাত্ৰ মাজুলীৰ কৃষক সকলে দুটা খেতিৰ ওপৰত নিৰ্ভৰ নকৰি এই খেতিও কৰিব লাগে (Sprouts farming in Majuli) । সৰিয়হ খেতি চপোৱাৰ পাচত চনপৰি থকা চৰ চাপৰিত এই খেতি কৰিলে মাজুলীৰ কৃষকসকল যথেষ্ট উপকৃত হ’ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : Assam HSLC Result 2023: 26 বছৰ বয়সত কথা দি কথা ৰাখিলে ৰুনজুনে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.