Assam HSLC Result 2023: 26 বছৰ বয়সত কথা দি কথা ৰাখিলে ৰুনজুনে

By

Published : May 25, 2023, 1:17 AM IST

thumbnail

কলিয়াবৰ,২৪ মে': একাগ্ৰতা আৰু অদম্য ইচ্ছাই সকলো সম্ভৱ কৰিব পাৰে (Success in HSLC exam) । তাকেই যেন প্ৰমাণ কৰিলে কলিয়াবৰৰ আন এগৰাকী ছাত্ৰীয়ে । বিদ্যালয় পৰিত্যাগৰ দহ বছৰৰ মূৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহি সুখ্যাতিৰ উত্তীৰ্ণ হ'ল কলিয়াবৰৰ এগৰাকী ছাত্ৰী (Assam HSLC Result 2023) । ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবেই দশম শ্ৰেণীতে বিদ্যালয় ত্যাগ কৰিছিল কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰুনজুন বৰুৱা নামৰ এই ছাত্ৰীগৰাকীয়ে (Ten years later Runjun passed HSLC) ।  

দহ বছৰৰ মূৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰীগৰাকীৰ পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰাত ২০২৩ বৰ্ষত দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'ল ছাত্ৰী গৰাকী । স্বাভাবিকতে ২৬ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উৎফুল্লিত হৈ পৰিছে ছাত্ৰীগৰাকী । শিক্ষাৰ ক্ষেত্ৰত বয়স যে হেঙাৰ হ'ব নোৱাৰে তাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ছাত্ৰীগৰাকীয়ে । 

লগতে পঢ়ক: Attempt to murder case: চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে পো বোৱাৰীৰ অত্যাচাৰত আহত বৃদ্ধাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.