Thief arrasted: TMPK নেতৃত্বত গভাইত চোৰক আটক

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 9:04 AM IST

thumbnail

জোনাই, 27 আগষ্ট: জোনাইত চোৰৰ দৌৰাত্ম । জোনাইৰ নামনি বিজয়পুৰত কেবাদিনৰ পৰা চুৰি কাৰ্য সংঘটিত কৰি ৰাইজৰ নিদ্ৰা হৰণ কৰা এটা চোৰক শনিবাৰে নিশা স্থানীয় টিএমপিকে সংগঠনে ৰাইজৰ সহযোগত কৰায়ত্ত কৰে ৷ উল্লেখযোগ্য যে নামনি বিজয়পুৰত বিগত কেইবাদিনৰ পৰা ঘৰ-দোকান আদিত চুৰিকাৰ্য চলাই ৰাইজক অতিষ্ঠ কৰি আহিছিল চোৰটোৱে ৷  

ইয়াৰ পিছতে TMPK আৰু ৰাইজে বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে এটা গভাইত চোৰক আটক কৰি জোনাই আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ ধৃত চোৰটোক থানালৈ লৈ যায় । ধৃত চোৰটো অয়ানৰ গাঁৱৰ জন টায়ে বুলি জানিব পৰা গৈছে । আৰক্ষীৰ জেৰাত ধৃত চোৰটোৱে আৰু এটা সহযোগী থকাৰ কথা স্বীকাৰ কৰে । 

লগতে পঢ়ক: Felicitation of Rabindra Singh: ৰবীন্দ্ৰ সিঙলৈ ফেডাৰেচন অৱ অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ’চিয়েচনৰ বিশেষ সন্মান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.