New India Literacy Programme:ডিফুত নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 9:42 PM IST

thumbnail

ডিফু, ২ ছেপ্তেম্বৰ: ১ ছেপ্তেম্বৰৰ পৰা চলি থকা সাক্ষৰতা সপ্তাহৰ লগত সংগতি ৰাখি ডিফুত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ অংশীদাৰ সকলৰ মাজত নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম তথা প্ৰাপ্তবয়স্ক সাক্ষৰতা আঁচনিৰ অধীনত উল্লাস শীৰ্ষক সভা অনুষ্ঠিত হয় ৷

উক্ত সভাত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে  ৷ আজিৰ কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকল, আত্ম সহায়ক গোটৰ বিষয়া-কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷ সভাৰ শেষত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেই কয় যে ভাৰত চৰকাৰৰ নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ জৰিয়তে জিলাখনত এক পৰ্যৱেক্ষণ চলাই স্কুলৰ পৰা বাদ পৰা ছাত্ৰ-ছাত্ৰী, প্ৰাপ্তবয়স্ক নিৰক্ষৰ লোকসকলক শিক্ষিত কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য ৷ আনহাতে, এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সাক্ষৰতা অভিযান চলোৱা হ'ব বুলি তেওঁ কয় ৷

লগতে পঢ়ক:ABMSU central session : লাফিকুল হত্যাকাণ্ডৰ অপৰাধীক কৰায়ত্ত নকৰাত ক্ষোভ এবিএমছুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.