Leopard attack in Sonari: সোণাৰিত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত শ্ৰমিক

By

Published : Dec 26, 2022, 10:31 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

চৰাইদেউ জিলাৰ নাফুক আঞ্চলিক বন বিভাগৰ অন্তৰ্গত সোণাৰিৰ ৩ নং গোৱালাপথাৰত বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে (Tiger attack in Sonari) ৷ দেওবাৰে সন্ধিয়া চাহ বাগিচাৰ মাজৰ পৰা হঠাৎ ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে জমিৰ সিং মুণ্ডা নামৰ লোক জনক আক্ৰমণ কৰে (One injured in tiger attack) ৷ নিকটৱৰ্তী এখন বাগিচাত কাম কৰি থকা শ্ৰমিকসকলে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত বাঘটো সেই স্থানৰ পৰা আঁতৰ হয় । ঘটনাস্থলীত লগে লগে বনকৰ্মীৰ দল উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰে (One injured in tiger attack at Sonari) । ইফালে বাঘটো বাগিচাখনত বিচৰণ কৰি ফুৰাত আতংকিত হৈ পৰিছে গঞা ৷ দীৰ্ঘদিন ধৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ লগতে বাঘে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷ বাঘটোক সুৰক্ষিত স্থানলৈ খেদিবলৈ ৰাইজে বন বিভাগক দাবী জনাইছে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.