Dispur MLA Hostel Incident : বিধায়ক আৱাস চৌহদত সংঘটিত ঘটনাৰ ফৰেনচিকসহ উচিত তদন্তৰ দাবী বিৰোধী দলপতিৰ

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 4:14 PM IST

thumbnail

গুৱাহাটী, 13 নৱেম্বৰ : দীপাৱলীৰ দিনটোতে দিছপুৰৰ বিধায়ক আৱাসত হোৱা ৰহস্যজনক ঘটনাৰ উচিত তদন্ত বিচাৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, বিধায়ক আৱাসত যি ঘটনা সংঘটিত হৈছে এয়া চিন্তনীয় কথা ৷ এই ঘটনাৰ ফৰেনচিকসহ উচিত তদন্ত হ'ব লাগে ৷  

তেওঁ কয় যে, যদি এইটো বুলেটৰ চিন হয় তেতিয়া নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া হ'ব লাগে ৷ কিয়নো ইয়াত বিভিন্ন দৰ্শন, নীতি, চৰকাৰৰ পক্ষৰ, চৰকাৰৰ বিৰোধী পক্ষৰ বিধায়ক সকল থাকে ৷ লগতে বিধায়ক আৱাসৰ চৌহদত চিচিটিভি কেমেৰা বিকল হোৱাটো দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে বিধায়ক আৱাসৰ চৌহদৰ ভিতৰত চিচিটিভি কেমেৰা সমূহ ফুলদানী হিচাবে ৰখা উচিত নহয় বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷  

উল্লেখ্য যে দিছপুৰৰ বিধায়ক আৱাসৰ চি ব্লকৰ প্ৰথম মহলাত চিৰিৰ কাষৰ গ্লাচত গুলি ওলাই যোৱাৰ দৰে ছিদ্ৰ দেওবাৰে প্ৰত্যক্ষ কৰিছিল বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ এই ব্লকটোত থাকে 6 জনকৈ বিধায়ক ৷ প্ৰথম মহলাৰ কোৱাৰ্টাৰত থাকে বিধায়ক ৰূপজ্যোতি কুর্মী, মৃণাল শইকীয়া ৷ দ্বিতীয় মহলাত থাকে ৰকিবুল হুছেইন, ৰফিকুল ইছলাম ৷ তৃতীয় মহলাত থাকে দেৱব্ৰত শইকীয়া আৰু দ্বীপায়ণ চক্ৰৱৰ্তী ৷ 

লগতে পঢ়ক : Dispur MLA Hostel Bullet Spot update: বিধায়ক আৱাসৰ ৰহস্যজনক ঘটনা সন্দৰ্ভত ফৰেনচিক দলে কৰিব তদন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.