যোগীঘোপাত মাটিৰ দালালসহ আটক লাটমণ্ডল

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:03 PM IST

thumbnail

বঙাইগাঁও, 21 ডিচেম্বৰ : মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ যোগীঘোপা আৰক্ষী ৷ বঙাইগাঁও জিলাৰ যোগীঘোপাত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ লাটমণ্ডলসহ মাটিৰ দালাল ৷

ব‌ইটামাৰী ৰাজহ চক্ৰৰ লাটমণ্ডল ছামছুল হক তালুকদাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ লগতে বালাপাৰাৰ মাটিৰ দালাল আনোৱাৰ হুছেইনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ যোগীঘোপা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 120বি/420/468/471/34 ধাৰাৰ অধীনত 292/23 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰে দুয়োকে ৷

ব‌‌ঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত যোগীঘোপা থানাৰ আৰক্ষী বিষয়া দীননাথ মিলিয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে ৷ মাটিৰ দালাল আনোৱাৰ হুছেইনে কৰেয়া পাহাৰৰ এগৰাকী মহিলাৰ পাঁচ বিঘা ভূমি জালিয়াতিৰে আন এগৰাকী মহিলাৰ নামত নামজাৰি কৰি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাৰ লগত জড়িত মণ্ডলকো গ্ৰেপ্তাৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :  জামুগুৰিহাটত চোৰৰ সন্ত্ৰাস: তিনিলাখ টকা লৈ উধাও চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.