জামুগুৰিহাটত চোৰৰ সন্ত্ৰাস: তিনিলাখ টকা লৈ উধাও চোৰ

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 5:08 PM IST

thumbnail

চতিয়া, 21 ডিচেম্বৰ : জামুগুৰিহাটত দিন দুপৰতে সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা ৷ এজন ব্যক্তিৰ চাইকেলৰ পৰাই চোৰে লুটিলে নগদ তিনিলাখ টকা ৷ জামুগুৰিহাটৰ ইউকো বেংকৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা ৷

জানিব পৰা মতে জামুগুৰিহাটৰ পাতলৰচুক গাওঁ নিৱাসী বুবুল ভূঞা নামৰ ব্যক্তিজনে জামুগুৰিহাট ইউকো বেংক শাখাৰ পৰা নগদ তিনিলাখ টকা উলিয়াই চাইকেলত বান্ধি ঘৰমুৱা হ’ব খোজোতেই এই ধন চুৰি হয় ৷ টকা উলিয়াই অনা ব্যক্তিজনক চাইকেলৰ কাষতে পাচঁশ টকা পৰি থকা বুলি দেখুৱাই এজন যুৱকে ৷ ব্যক্তিজনে পাচঁশ টকাটো বুটলিবলৈ ধৰোঁতেই নগদ তিনি লাখ টকা লৈ উধাও হয় চোৰ ৷  

আনহাতে বেংকটোত চিচিটিভি আছে যদিও মনিটৰ নথকাত চোৰ চিনাক্ত কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ভুক্তভোগীয়ে ৷ ইতিমধ্যে এই সন্ধৰ্ভত ভুক্তভোগী বুবুল ভূঞাই জামুগুৰিহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :  মুকলিকৈ ঘুৰি ফুৰিছে বন্যজন্তু, ভয়ত কঁপিছে জামুগুৰিহাটবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.