SI Junmoni Rabha passes away: জোনমণি ৰাভাৰ মৃত্যুত শোকাৰ্ত গড়মূৰ আৰক্ষী থানা

By

Published : May 16, 2023, 3:47 PM IST

thumbnail
()

মাজুলী, 16 মে’ : বিদায় জোনমণি (SI Junmoni Rabha passes away) ৷ সকলোকে কন্দুৱাই এক অচিন জগতলৈ গ’ল গৈ জোনমণি ৷ সোমবাৰে নিশা এক পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল’লে SI জোনমণি ৰাভাই । নগাঁৱৰ পৰা নিশা ব্যক্তিগত বাহনত উজনীলৈ গৈ থকা সময়তে এক পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লয় আৰক্ষী বিষয়াগৰাকীয়ে ৷ SI জোনমণি ৰাভাৰ অকাল মৃত্যুক এতিয়া সহজে মানি ল’ব পৰা নাই শুভাকাংক্ষীয়ে ৷

SI জোনমণি ৰাভাই মাজুলীতে প্ৰথমে চাকৰি জীৱন আৰম্ভ কৰিছিল ৷ চাকৰি জীৱনৰ আদিভাগ কটাইছিল গড়মূৰ থানাত ৷ গড়মূৰ থানৰ পাচতেই মাজুলীৰ বালিচাপৰি আৰক্ষী চকীত চাকৰি কৰিছিল জোনমণি ৰাভাই । ইয়াৰ পাচতেই মাজুলীৰ পৰা বদলি হৈছিল জোনমণি ৰাভা ।

জোনমণি ৰাভাৰ আকস্মিক মৃত্যুৰ খবৰ লাভ কৰাৰ পাচতে শোকাস্তব্ধ হৈ পৰিছে গড়মূৰ থানৰ সহকৰ্মী আৰক্ষীসকলো ৷ জোনমণি ৰাভাই চাকৰি জীৱনৰ পাতনি মেলা গড়মূৰ আৰক্ষী থানাত আৰক্ষী বিষয়াগৰাকীক শেষবাৰৰ বাবে জনাইছে শ্ৰদ্ধাঞ্জলি (Last tribute to SI Junmoni Rabha in Majuli) ।

লগতে পঢ়ক : SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.