নাৱত উঠি নলবাৰীৰ চৰাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়াৰ দল - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:00 PM IST

thumbnail
চৰাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়াৰ দল (ETV BHARAT ASSAM)

নলবাৰী, 5 মে’ : 7 মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ দুৰ্গম চৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ আজি ৰাওনা হৈছে প'লিং, প্ৰিজাইডিং বিষয়াসকল ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ দুৰ্গম চৰাঞ্চলৰ 51 টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ প্ৰশাসনে চৰাঞ্চলৰ 51 টা ভোট কেন্দ্ৰক 2 টা মণ্ডল আৰু 13 টা ছেক্টৰত ভাগ কৰিছে ৷  

দেওবাৰে কাপলাবড়ী পাৰঘাটৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় প'লিং, প্ৰিজাইডিং বিষয়াসকল ৷ বৰক্ষেত্ৰীৰ কাপলাবড়ী পাৰঘাটৰ পৰা প্ৰতিকূল বতৰকো নেওচি যন্ত্ৰচালিত নাৱেৰে যাত্ৰা কৰে বিষয়াসকলে ৷ ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ পিচত ম'হৰ গাড়ী, ট্ৰেক্টৰ, মটৰচাইকেল আদিৰে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ যাত্ৰা কৰে বিষয়াসকলে ৷

চৰাঞ্চলৰ স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হোৱা বুলি জানিবলৈ দিয়ে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ ৰয়ে ৷ চৰাঞ্চলত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আৰক্ষী, প্ৰশাসন তথা নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে ৷ 

লগতে পঢ়ক : নলবাৰীত ৫১ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প'লিং-প্ৰিজাইডিং বিষয়া - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.