Bhogali Bihu Celebration: ভিন্ন ৰূপৰ মেজি-ভেলাঘৰৰে ডিব্ৰুগড়ত ভোগালীক আদৰাৰ প্ৰস্তুতি

By

Published : Jan 13, 2023, 4:11 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

প্ৰকৃতিৰ পৰিবৰ্তনে কঢ়িয়াই অনা বিহুৰ পৰিৱেশে অসমীয়া জাতীয় জীৱনত এতিয়া তুলিছে বৰ্ণিল আনন্দ-উল্লাস । পথাৰ চপাই সোণগুটিৰে ভঁৰাল উপচাই তোলা, মেজি-ভেলাঘৰ, পিঠা-পনা ভোজ-ভাতৰ আনন্দৰ মাজতে এতিয়া মতলীয়া প্ৰতিজন অসমীয়া । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ ৰাইজেও জিলাখনৰ বিভিন্ন প্ৰান্তত একত্ৰিত হৈ আয়োজন কৰিছে ভোগালী উৎসৱৰ(Bhogali Bihu preparation in Dibrugarh) ।

ডিব্ৰুগড় জিলাৰ লেঙেৰীৰ গৰুহৰা গাঁৱৰ ৰাইজে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে । প্ৰায় তিনি বিঘাৰো অধিক খেৰেৰে নিৰ্মাণ কৰা এই ভেলাঘৰটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সময়ৰ প্ৰয়োজন হৈছে প্ৰায় ২০ দিন । ইতিহাস বিজৰিত গাঁওখনৰ ৰাইজে ভোগালীৰ দিনা মাছে-মঙহে লগেভাগে এসাঁজ খাবলৈকো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । সাজু কৰি ৰাখিছে প্ৰায় ১২০ কেজি গাহৰি(Magh Bihu preparation in Dibrugarh ) ।

আনহাতে ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চল তিতাডিমৰু গাঁৱৰ ৰাইজে এইবাৰ একত্ৰিত হৈ সমূহীয়াভাৱে ভোগালী বিহু অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে । অসমীয়া জাতিৰ স্বাভিমান ৰংঘৰক মূল আৰ্হি হিচাপে লৈ নিৰ্মাণ কৰি উলিয়াইছে ৩০ ফুট উচ্চতাৰ আৰু ৪০ ফুট দীঘল ভেলাঘৰ । লগতে জিলাখনৰ কৰবাত যদি টাইটানিক আকাৰৰ ভেলাঘৰ আন কৰবাত সুউচ্চ মেজি নিৰ্মাণ কৰি ডিব্ৰুগড়ৰ ৰাইজ সাজু হৈছে ভোগালীক আদৰিবলৈ ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.