আঘাতপ্ৰাপ্ত চাহ শ্ৰমিকক আৰ্থিক সাহাৰ্য প্ৰদান শ্ৰম মন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:47 PM IST

thumbnail

ডিব্ৰুগড়, 11 ডিচেম্বৰ : গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চাহ বাগিচাৰ শ্ৰমিকক আৰ্থিক সাহাৰ্য প্ৰদান শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ সোমবাৰে মন্ত্ৰী সঞ্জয় কিষাণে নিউ সোণোৱাল চাহ বাগিচাৰ ফেক্টৰীত কাম কৰি থকা অৱস্থাত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক মহেশ কোঁৱৰৰ বাসভৱনত উপস্থিত হৈ এককালীন অৰ্থসাহাৰ্য প্ৰদান কৰে ৷

উল্লেখ যে বিগত 16 জুলাইৰ নিশা মৰিয়নীৰ নিউ সোণোৱাল চাহ বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত মহেশ কোঁৱৰ নামৰ এজন শ্ৰমিকৰ এটা ভৰি চি টি চি মেচিনত সোমাই চিগি গৈছিল ৷ ঘটনাৰ পিছতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 2 মাহ চিকিৎসাধীন হ’ব লগা হৈছিল শ্ৰমিকজন ৷ আজি শ্ৰমিকজনৰ বাসগৃহত উপস্থিত হৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে 6,37,546 টকাৰ এখন চেক মহেশ কোঁৱৰৰ হাতত অৰ্পণ কৰে ৷

আনহাতে চেক প্ৰদান কৰা পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে, শ্ৰমিকজনে যি পৰ্যায়ৰ কাম চাহ বাগিচাখনত কৰিব পাৰে তেনে এক কামৰ ব্যৱস্থা কৰি দিবলৈ বাগান কতৃপক্ষ নিৰ্দেশ দিছে তেওঁ ৷ লগতে শ্ৰমিকৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি প্ৰত্যকখন বাগিচাই গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কয় মন্ত্ৰীজনে ৷ লগতে সুৰক্ষামুলক ব্যৱস্থাৰ ক্ষেত্ৰত যদি বিভাগ বা বাগিচা কৰ্তৃপক্ষই হেমাহি কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে মন্ত্ৰীজনে ৷ 

লগতে পঢ়ক : শ্বহীদ দিৱসৰ দিনাই চাৰি শ্বহীদৰ নামত পথ মুকলি সৰুপথাৰত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.