শ্ৰীনগৰৰ পৰা চাইকেলৰে ভাৰত ভ্ৰমণ পদ্মশ্ৰী ড৹ কিৰণ শেঠৰ

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:02 PM IST

thumbnail

বাক্সা, ১ জানুৱাৰী: ভাৰতৰ বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ পদ্মশ্ৰী প্ৰাপক ড৹ কিৰণ শেঠে ৭৪ বছৰতো চাইকেলেৰে ভাৰত ভ্ৰমণ কৰিছে । ভাৰতৰ যুৱ সমাজৰ মাজত ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু প্ৰাচীন কলাসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৭৪ বছৰীয়া বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞগৰাকীয়ে যোৱা  ১৫ আগষ্টত জন্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ পৰা চাইকেলেৰে ভাৰত ভ্ৰমণ আৰম্ভ কৰিছিল । বছৰৰ শেষৰ দিনটোত বিয়লিৰ ভাগত ড৹ কিৰণ শেঠ উপস্থিত হয় নলবাৰী জিলাৰ টিহুত ।  

টিহুৰ বিভিন্ন দল সংগঠনে তেওঁক উষ্ম আদৰণি জনায় । ভাৰতীয় শাস্ত্ৰীয় সংগীত,নৃত্য,কলা, লোকসংগীত, নাটক আৰু যোগৰ জৰিয়তে যুৱ সমাজক উদ্বুদ্ধ কৰাটোৱেই তেওঁৰ অন্যতম উদ্দেশ্য । গান্ধীবাদী চিন্তাধাৰাৰে আগবঢ়া ড৹ কিৰণ শেঠে চাইকেলেৰে ইতিমধ্যে দেশৰ ৫০০ খন চহৰত উপস্থিত হৈ কেইবাখনো বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিছে । এই ভ্ৰমণকালত তেওঁ গুৱাহাটীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ভ্ৰমণ কৰি যুৱ সমাজৰ সৈতে মত বিনিময় কৰিব বুলি মন্তব্য় কৰিছে ।  

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাই অসমৰ যিকোনো সমষ্টিৰ পৰাই নিৰ্বাচন খেলিলেই জিকিব- মন্ত্ৰী যোগেন মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.