Assam Meghalaya Border Conflict : অসম-মেঘালয় সীমান্তত খাছীয়ে জ্বলালে সীমান্তবাসীৰ ঘৰ

By

Published : May 14, 2023, 3:39 PM IST

thumbnail

ডিফু, ১৪ মে’ : অসম-মেঘালয় সীমান্তত অব্যাহত আছে আতংক (Assam Meghalaya Border Conflict) ৷ সীমান্ত অঞ্চলত খাছী দুৰ্বৃত্তই ইটোৰ পিচত সিটো আক্ৰমণ কৰি অহা দেখিবলৈ পোৱা গৈছে ৷ ফলত কাৰ্বি আংলং জিলাৰ সীমান্তবাসীয়ে ভয় আৰু শংকাৰ মাজত দিন পাৰ কৰিব লগাত পৰিছে ৷

তথ্য অনুসৰি, শনিবাৰে নিশাৰ ভাগত খাছী দুৰ্বৃত্তই সীমান্ত পুনৰ আন এক হিংসাত্মক ঘটনা সংঘটিত কৰে ৷ এইবাৰ অসম-মেঘালয় সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলঙৰ মইকইৰাম নেংক্ৰেং অঞ্চলত খাছী দুৰ্বৃত্তই কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে ৷ লগতে আৰ্টিঙৰ হাৰলং নামৰ পাথৰ কোৱেৰিত থকা এটি জিৰণি চ’ৰাতো অগ্নিসংযোগ কৰিয়েই  সেই স্থানৰ পৰা পলায়ণ কৰে দুৰ্বৃত্তই ৷ এই ঘটনাৰ পাচতে আৰু অধিক শংকিত হৈ পৰিছে সীমান্তবাসী ৷

জানিব পৰা মতে, চলিত মাহৰ ১১ তাৰিখে অসম-মেঘালয় সীমান্তৰ তাড’লাংচত মেঘালয়ৰ খাছী দুৰ্বৃত্তই দাৰে আক্ৰমণ কৰি কাৰ্বি আংলঙৰ দুগৰাকী লোকক প্ৰহাৰ কৰিছিল ৷ ফলত গুৰুতৰভাৱে আহত হয় কাৰ্বি আংলঙৰ ব্যক্তি দুগৰাকী ৷ এই ঘটনাৰ পাচতে শনিবাৰে ডিফু আৰবৰেটাম আৰু ক্ৰাফট চেণ্টাৰৰ সভা কক্ষত শাসক-বিৰোধী, সামাজিক আৰু ছাত্ৰৰ দল সংগঠনৰ সৈতে এক বিশেষ জৰুৰী সভা অনুষ্ঠিত কৰা হয় (Joint All Party Meeting at Diphu) ৷

উক্ত সভাত সৰ্ব সন্মত সিদ্ধান্ত বৰ্ডাৰ প্ৰটেকছন ভিজিলেন্স কমিটী গঠন কৰা হয় ৷ এই সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সীমান্ত সমস্যা সন্দৰ্ভত অৱগত কৰি এক স্থায়ী সমাধান দাবী কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু ইয়াৰ মাজতে শনিবাৰে নিশা পুনৰ সীমান্ত অঞ্চলত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে সীমান্তবাসী ৷

উল্লেখযোগ্য যে, বিগত এমাহ ধৰি অসম-মেঘালয় সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত আছে ৷ শনিবাৰৰ নিশা সংঘটিত এই ঘটনাৰ পিচত চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে বিশেষ তাতপৰ্যপূৰ্ণ হৈ পৰিছে ৷

লগতে পঢ়ক : Cyclone Mocha : চট্টগ্ৰাম আৰু বাৰিচালত ঘূৰ্ণীবতাহ মোচাৰ প্ৰভাৱ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.