ETV Bharat / health

বিয়াৰ পাচত ওজন বৃদ্ধিৰ বাবে চিন্তিত নহ'ব; এই পৰামৰ্শবোৰ অনুসৰণ কৰক - Weight gain after Marriage

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 11:18 AM IST

Weight gain after Marriage : বিয়াৰ পাচত প্ৰায় সকলো পুৰুষ-মহিলাই ওজন বৃদ্ধিৰ সমস্যাত পৰে । আপুনিও মেদবহুলতা বা ওজন বৃদ্ধিক লৈ চিন্তিত নেকি ? ইয়াৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়বোৰ কি জানো আহক ।

Weight gain after Marriage
বিয়াৰ পিচত ওজন বৃদ্ধিৰ বাবে চিন্তিত নহ'ব (IANS)

বিশেষ প্ৰতিবেদন, ২১ মে' : বিয়াৰ পাচত মহিলা বা পুৰুষ উভয়ৰে জীৱন সলনি হয় । তেওঁলোকে জীৱনত বহু পৰিৱৰ্তৰনৰ সাক্ষী হয় । এই পৰিৱৰ্তনবোৰ শাৰীৰিক আৰু মানসিক দুই ধৰণৰ হ'ব পাৰে । অৱশ্যে বিয়াৰ পিচত হোৱা পৰিৱৰ্তনে পুৰুষতকৈ মহিলাসকলক অধিক প্ৰভাৱিত কৰে । মহিলাৰ ওজন দ্ৰুতগতিত বৃদ্ধি হ'বলৈ আৰম্ভ কৰে ।

বিয়াৰ পূৰ্বে শৰীৰৰ গঠন আৰু পিচত একে নাথাকে । বিয়াৰ পাচত মহিলাসকলৰ ওজন বৃদ্ধি হোৱাটো সচৰাচৰ দেখা যায় । কিন্তু আপুনি জানেনে এনে কিয় হয় ? আমি এই প্ৰতিবেদনটোৰ জৰিয়তে বিয়াৰ পিচত ওজন বৃদ্ধিৰ কাৰণবোৰ উল্লেখ কৰিম । পৰিত্ৰাণৰ উপায় কি ? কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে আদি...

বিয়াৰ পাচত ওজন কিয় বাঢ়ে ?

বিয়াৰ পাচত জীৱনত বহুতো পৰিৱৰ্তন আহে । খাদ্যাভ্যাসৰ পৰিৱৰ্তন হয়, শাৰীৰিক ব্যায়াম হ্ৰাস হয় আৰু কেতিয়াবা উত্তেজনাও বৃদ্ধি হয় । ইয়াৰ লগতে শৰীৰত হৰম’নৰ পৰিৱৰ্তনো দেখা যায় । যাৰ ফলত বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ওজন বেছিকৈ বৃদ্ধি হোৱা দেখা যায় ।

নিয়মীয়া যৌন সম্ভোগে মেদবহুলতা বৃদ্ধি কৰে নেকি ?

যৌনভাৱে সক্ৰিয় থাকিলে আপোনাৰ শৰীৰত বহুতো প্ৰভাৱ পৰিব পাৰে । বিজ্ঞানীসকলে দাবী কৰে যে যৌন সম্ভোগে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে, চাপ হ্ৰাস কৰিব পাৰে, টোপনি ভাল হয় আৰু ৰক্ত সঞ্চালনৰ তাৰতম্য নিয়ন্ত্ৰণ কৰিব পাৰে । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যৌনভাৱে সক্ৰিয় হৈ থাকিলে এক স্বাস্থ্যকৰ জীৱনশৈলীও লাভ কৰিব পাৰি । অৱশ্যে, ইয়াৰ স্বাস্থ্যৰ লাভালাভৰ বিপৰীতে এনে বহুতো দৃষ্টিভংগী আছে যিয়ে কয় যে নিয়মীয়া যৌন সম্ভোগে আপোনাক শকত কৰিব পাৰে ।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যৌন সম্ভোগে আপোনাৰ ওজন বৃদ্ধি নকৰে । কিন্তু যৌন হৰম’নৰ ভাৰসাম্যহীনতাই আপোনাৰ শৰীৰৰ ওজন প্ৰভাৱিত কৰিব পাৰে । অৱশ্যে, এই ভাৰসাম্যহীনতাৰ সৈতে আপোনাৰ যৌন কাৰ্যকলাপৰ কোনো সম্পৰ্ক নাই । দৰাচলতে, ই আপোনাৰ যৌৱনৰ বয়স, ঋতুস্ৰাৱ চক্ৰৰ দৰে বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । এয়া হৈছে ডিএইচইএ, এষ্ট্ৰ'জেন আৰু প্ৰজেষ্টেৰনৰ দৰে যৌন হৰমনৰ তাৰতম্য যি ওজন বৃদ্ধিত অৰিহণা যোগায় । যদি আপোনাৰ ডিএইচইএ হৰমনৰ অভাৱ হয় আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে ।

এষ্ট্ৰ'জেন আৰু প্ৰজেষ্টেৰন হৰম’নৰ অস্থিৰতাৰ ফলতো আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে । নিয়মীয়া ব্যৱধানত আপোনাৰ হৰম’ন পৰীক্ষা কৰাওক কিয়নো ই আপোনাক অপ্ৰত্যাশিত ওজন বৃদ্ধি প্ৰতিহত কৰাত সহায় কৰিব পাৰে ।

বিয়াৰ পিচত ওজন বৃদ্ধিৰ কাৰণ...

  • অনুপযুক্ত আহাৰ : বহুলোকে বিয়াৰ পাচত তেওঁলোকৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন অনুভৱ কৰে । বিশেষকৈ বিয়াৰ পাচত যেতিয়া তেওঁলোকে শহুৰেক আৰু অন্যান্য স্থানলৈ যায় তেওঁলোকে দৈনিক আহাৰতকৈ বাহিৰৰ খাদ্য অধিক গ্ৰহণ কৰে । ইয়াত থকা অতিৰিক্ত কেলৰিবোৰে শৰীৰৰ চৰ্বি বৃদ্ধি কৰে ।
  • প্ৰাথমিকতা সলনি হয় : কিছুমান ক্ষেত্ৰত বিয়াৰ পিচত মহিলাৰ অগ্ৰাধিকাৰ সলনি হয় । কিয়নো স্বামীৰ ঘৰত সেই অনুসৰি কাম কৰিব লাগে । লগতে ঘৰুৱা কাম আৰু কাৰ্যালয়ৰ কামৰ বাবে বহুসময়ত তেওঁলোকে সঠিক সময়ত আহাৰ গ্ৰহণ কৰিব নোৱাৰে । এইটোৱেই মুখ্য কাৰণ ।
  • সঘনাই বাহিৰত খোৱা : বিয়াৰ পাচত বহুলোকে নতুন ঠাই আৰু বিভিন্ন ৰেষ্টুৰেণ্টলৈ যায় । তেওঁলোকে বন্ধু আৰু আত্মীয়সকলৰ সৈতে নৈশ ভোজৰ বাবেও যায় । য'ত দম্পতীবোৰে প্ৰায়ে বাহিৰত আহাৰ গ্ৰহণ কৰে । ই শৰীৰত অতিৰিক্ত কেলৰি বৃদ্ধি কৰে আৰু চৰ্বিৰ সৃষ্টি কৰে ।
  • গৰ্ভধাৰণ : বিশেষকৈ বহুতো মহিলাই সন্তান জন্ম দিয়াৰ পিচত তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন নলয় । এইটোও ওজন বৃদ্ধিৰ আন এটা মুখ্য কাৰণ ।

বিয়াৰ পাচত পূৰ্বে ফিটনেছ বজাই ৰখাৰ পৰামৰ্শ

আপুনি বিয়াৰ পাচত পেটৰ চৰ্বি হ্ৰাস কৰাৰ কথা ভাবি আছে নেকি ? ইয়াৰ বাবে আপুনি অত্যাধিক ব্যায়াম কৰাৰ প্ৰয়োজন নাই । যদি আপুনি এই পৰামৰ্শবোৰ অনুসৰণ কৰে, আপুনি সহজে ওজন হ্ৰাস কৰিব পাৰে আৰু বিয়াৰ পূৰ্বৰ ফিটনেছ লাভ কৰিব পাৰে ।

ব্যায়াম : বিয়াৰ পাচত শৰীৰ সুস্থ ৰখাত ব্যায়ামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কাৰ্ডিঅ' ব্যায়াম আৰু ভাৰোত্তোলনে আপোনাৰ শৰীৰক সুস্থ কৰি ৰাখিব ।

গ্ৰীণ টী : এই গ্ৰীণ টীয়ে আপোনাৰ হজম বৃদ্ধি কৰে । ই আপোনাৰ শৰীৰত চৰ্বি জমা হোৱাটো ৰোধ কৰে । ই শৰীৰত অধিক কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে ।

খাদ্য লাহে লাহে চোবাব লাগে : বৰ্তমানৰ ব্যস্ত জীৱনত বহুতে সময়ৰ অভাৱৰ বাবে খাদ্য চোবাব নোৱাৰে আৰু সোনকালে আহাৰ শেষ কৰে । আচলতে খোৱা খাদ্য লাহে লাহে চোবাব লাগে । এনে কৰিলে আপোনাৰ ওজন বৃদ্ধি নহ'ব ।

পুৱা পেট ভৰাই খাওক : বিয়াৰ পাচত কামৰ ব্যস্ততাৰ বাবে বহুলোকে পুৱা সম্পূৰ্ণকৈ আহাৰ গ্ৰহণ নকৰে । ইয়াৰ বাহিৰেও দৈনিক পুৱাৰ আহাৰে সহজে ওজন হ্ৰাস কৰাত সহায় কৰে । গতিকে প্ৰথমে এই ক্ষেত্ৰত মনোযোগ দিয়ক আৰু এক প্ৰণালীবদ্ধ উপায়েৰে খোৱাৰ অভ্যাস কৰক । তলত উল্লেখ কৰা খাদ্যবোৰ আপোনাৰ দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক । ফলাফল হিচাপে বিয়াৰ পিচতো আপুনি সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব ।

সেউজীয়া পাচলি : বহুলোকে সেউজীয়া পাচলি গ্ৰহণ নকৰে । আপোনাৰ আহাৰত যাতে সেউজীয়া পাচলি থাকে সেয়া নিশ্চিত কৰিব । কিয়নো সেইবোৰে পাকস্থলী ফুলিব পৰা কাৰকৰ পৰা ৰেহাই দিয়ে । এইবোৰ আঁহযুক্ত আহাৰ যিয়ে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে ।

টেঙা ফল : কমলা, ৰবাব টেঙা, আঙুৰ, নেমু আদিৰ দৰে ফলবোৰত ভিটামিন চি আৰু পটেছিয়াম সমৃদ্ধ থাকে । পটেছিয়ামে শৰীৰৰ প্ৰদাহ আৰু চৰ্বি সংৰক্ষণৰ সৈতে সম্পৰ্কিত প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ।

তিয়ঁহ : তিয়ঁহৰ কেলৰি কম । ই শৰীৰৰ পৰা অধিক পৰিমাণে পানী বাহিৰ কৰাত সহায় কৰে । যাৰ ফলত শৰীৰত বেছি পানী জমা হৈ নাথাকে । ই অত্যাধিক ভোকৰ পৰাও ৰেহাই দিয়ে ।

আভাকাডো : নিয়মীয়াকৈ আভাকাডো খোৱাৰ ফলত পেটৰ চৰ্বি হ্ৰাস হ'ব পাৰে । ই আপোনাৰ হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে । উচ্চ কেলৰিযুক্ত খাদ্য খোৱাৰ আকাংক্ষাও হ্ৰাস হয় ।

সেউজীয়া শাক : সেউজীয়া শাক যেনে পালেং শাক আদি খনিজ পদাৰ্থৰে সমৃদ্ধ যি প্ৰদাহ বা পেট ফুলা প্ৰতিহত কৰে ।

মাছ : মাছত ওমেগা-৩ ফেটি এচিড থাকে । সেইবোৰ হৃদযন্ত্ৰৰ বাবে অতি স্বাস্থ্যকৰ ।

বেৰী : ৰাস্পবেৰী, ষ্ট্ৰবেৰী, ব্লুবেৰী আদিৰ দৰে বেৰী ফলবোৰ আঁহেৰে সমৃদ্ধ । এইবোৰে ওজন হ্ৰাস কৰাত সহায় কৰে আৰু পেটৰ চাৰিওফালে চৰ্বি জমা হোৱা প্ৰতিহত কৰে ।

কণী : কণী প্ৰটিন সমৃদ্ধ । ই পাকস্থলীৰ চাৰিওফালে চৰ্বি হ্ৰাস কৰাত সহায় কৰে ।

জলফাই তেল : জলফাই তেলে ওজন হ্ৰাস কৰাত সহায় কৰে ।

বাদাম : বিভিন্ন প্ৰকাৰৰ বাদাম যেনে চিনাবাদাম, আখৰোট, পিস্তা আদিয়ে পেটৰ চৰ্বি হ্ৰাস কৰে । এইবোৰ মনোআনচেচুৰেটেড চৰ্বি সমৃদ্ধ । সেইবোৰে আপোনাৰ হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে ।

লগতে পঢ়ক :আমি কেতিয়া গ্ৰীণ টী খাব লাগে ? জানি লওক ভুল সময়ত গ্ৰীণ টী খোৱাৰ পাৰ্শ্বক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.