ETV Bharat / state

Assam Meghalaya Border Conflict: অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক

author img

By

Published : May 13, 2023, 10:45 PM IST

Joint All Party Meeting at Diphu
অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক

অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ আজি ডিফুত অনুষ্ঠিত হয় এক সৰ্বদলীয় বৈঠক ৷ কাৰ্বি আংলঙৰ সকলো ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, অন্যান্য সামাজিক-সাংস্কৃতিক সংগঠনৰ উপৰিও প্ৰাক্তন সাংসদ, বিধায়কসকলৰ লগতে নেতৃস্থানীয় ব্যক্তিসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় (Joint All Party Meeting at Diphu) ৷

ডিফুত সৰ্বদলীয় বৈঠক

ডিফু, 13 মে’: অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ আজি ডিফুত অনুষ্ঠিত হয় এক সৰ্বদলীয় বৈঠক ৷ কাৰ্বি আংলঙৰ সকলো ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, অন্যান্য সামাজিক-সাংস্কৃতিক সংগঠনৰ উপৰিও প্ৰাক্তন সাংসদ, বিধায়কসকলৰ লগতে নেতৃস্থানীয় ব্যক্তিসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় (Joint All Party Meeting at Diphu) ৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উপস্থিত সকলোৱে শেহতীয়াকৈ অসম-মেঘালয় সীমা সমস্যাক লৈ সংঘটিত হোৱা ঘটনা প্ৰৱাহক প্ৰতিহত কৰাৰ বাবে মন্তব্য আগবঢ়ায় ৷ দিনৰ 11 বজাৰ পৰা 6 ঘণ্টা সময়জুৰি এই বিষয়ত আলোচনা অনুষ্ঠিত হোৱা দেখা যায় ৷ সীমান্তৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰি দিয়া সমিতিখনে বিষয়টো আলোচনাৰ মাজেৰে নিষ্পত্তি কৰিব লাগে বুলি আজিৰ বৈঠকে মন্তব্য আগবঢ়ায় (Assam Meghalaya Border Conflict) ৷

এই সমিতিখনত পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তৱৰ্তী কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰআমৰেং, ছচেং, চিণ্ঠং আৰু আমৰি সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধিসকল অন্তৰ্ভুক্ত হৈ আছে ৷ অসম-মেঘালয় আৰু অসম-নগালেণ্ডৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে সীমান্তত বসবাস কৰা সকলো ৰাজনৈতিক দলৰ সদস্যক লৈ Border Protection Vigilance Committee গঠন কৰা হয় (Assam Meghalaya Border Issue) ৷

এই সমিতিসমূহে সীমান্তৰ সমস্যা সন্দৰ্ভত আলোচনাৰ মৰ্মে গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অৱগত কৰিব ৷ পৰিষদে এই সন্দৰ্ভত সকলোধৰণৰ সহযোগিতা আগবঢ়াব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ সৈতেও সীমান্তৰ সমস্যা সন্দৰ্ভত জিলাখনৰ সকলো ৰাজনৈতিক দলৰ নেতৃত্বই আলোচনাত বহাৰ পোষকতা কৰে ৷ ৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে Give & Take নীতি সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই বুলি অৱগত কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে (Tuliram Ronghang CEM KAAC)৷

জিলাখনৰ সৰ্বদলীয় নেতৃত্বই আৰু ৰাজ্য চৰকাৰক সাক্ষাৎ কৰি চৰকাৰৰ Give & Take নীতিৰ বিৰুদ্ধাচৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ASDC দলৰ প্ৰতিনিধিয়ে ৷ এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিশেষ অধিৱেশন অনুষ্ঠিত কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈয়ো পৰামৰ্শ আগবঢ়াই ৷

লগতে পঢ়ক: Assam CM on Eviction: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২১ হাজাৰ ভূমিত চলিব উচ্ছেদ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.