Assam CM on Eviction: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২১ হাজাৰ ভূমিত চলিব উচ্ছেদ : মুখ্যমন্ত্ৰী

author img

By

Published : May 13, 2023, 8:37 PM IST

21000 acres of land in Orang National Park will be evicted shortly

বুঢ়াচাপৰীৰ পিচত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২১ হাজাৰ ভূমিত চলিব উচ্ছেদ অভিযান (21000 acres of land in Orang National Park will be evicted shortly)। এই বনাঞ্চলৰ ২১ হাজাৰ ভূমি বেদখলৰ কৱলত আছে । সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২১ হাজাৰ ভূমি বেদখলৰ কৱলত

তেজপুৰ, ১৩ মে’ : অচিৰেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান । অহা এমাহৰ ভিতৰত শোণিতপুৰ জিলা প্ৰশাসনে চলাব এই উচ্ছেদ (21000 acres of land in Orang National Park will be evicted shortly) ৷ শনিবাৰে তেজপুৰত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দৰং আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত (Orang National Park) । ৰাষ্ট্ৰীয় উদ্যানখন মুঠ ৮৯ বৰ্গ কিলোমিটাৰ এলেকা দুয়োখন জিলাৰ মাজত অৱস্থিত । ১৯৮৫ চনত সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা হোৱাৰ পিচত ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাবে স্বীকৃতি লাভ কৰে বনাঞ্চলখনে ৷ বৰ্তমান এই বনাঞ্চলৰ ২১ হাজাৰ ভূমি বেদখলৰ কৱলত আছে । ভূমি বেদখলৰ সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

21000 acres of land in Orang National Park will be evicted shortly
শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

তেওঁ কয় যে বুঢ়াচাপৰী বা ওৰাং অভয়াৰণ্যত উচ্ছেদ চলিব ৷ কাৰণ সেয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুঢ়াচাপৰি হৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান লৈ বন্য জীৱ-জন্তুৰ অহা যোৱা ঠাই (Animal Corridor) ৷ সেইবাবে এই ঠাইসমূহ জীৱ-জন্তুৰ বাবে মুকলি কৰা হৈছে ৷ তেওঁ আৰু কয় যে সোনাই ৰূপাই বা কোকৰাঝাৰ আদি বনাঞ্চলত উচ্ছেদ চলালে অসমত ডাঙৰ আন্দোলন হ’ব ৷ সোনাই ৰূপাই অভয়াৰণ্যৰ এতিয়া ৬০% বেদখলৰ কৱলত আছে ৷

উল্লেখযোগ্য যে, তেজপুৰ বিধানসভাৰ অন্তৰ্গত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান যোৱা ২৫ জানুৱাৰীত অবৈধভাৱে বাস কৰা লোকক প্ৰথমে জাননী জাৰি কৰিছিল শোণিতপুৰ জিলা প্ৰশাসনে । তাৰ পাচতে বিগত ১৪ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ বুঢ়াচাপুৰী সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাছিল । এই উচ্ছেদ ৰাজ্যৰ সকলোতকৈ বৃহৎ উচ্ছেদ অভিযান বুলিও অভিহিত হৈছিল ।

21000 acres of land in Orang National Park will be evicted shortly
তেজপুৰত মুখ্যমন্ত্ৰী

প্ৰথম দিনা শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ অভিযানত ৬৬২ হেক্টৰ বেদখল ভূমিত উচ্ছেদ কৰা হৈছিল । মুঠ ১৭ ০০ আৰক্ষী, সুৰক্ষা বাহিনীৰ লোক শোণিতপুৰ জিলা প্ৰশাসনৰ উপস্থিত বুঢ়া চাপৰিত প্ৰায় ১৮৯২ হেক্টৰ বেদখল ভূমিত ২৫১৩ টা ঘৰৰ ১১,৬১০ জন লোকক উচ্ছেদ কৰা হয় । ইয়াৰ পাচত দ্বিতীয় দিনা পাঁচ ঠাইত লাঠিমাৰী, গণেশ টাপু, বাঘে টাপু, গুলিৰপাৰ আৰু ছিয়ালিত উচ্ছেদ কৰা হয় ।

এই উচ্ছেদ অভিযানত প্ৰথম দিনা লংকে তাপু, বেটনি আৰু কমালাগড়ত ৬৮২ হেক্টৰ ভূমি (৫১৩০ বিঘা) উচ্ছেদ হয় । লংকে তাপুত ৬৩০ হেক্টৰ ভূমি, ৫৬৩ টা ঘৰ আৰু ২৪৪৪ জন লোকৰ লগতে বেটনিত ৭৬ টা ঘৰ আৰু ৩০৪ টা পৰিয়াল আৰু কমলাগড়ত ৫২ ঘৰ উচ্ছেদ কৰা হৈছিল বুলি তথ্য লাভ কৰা হৈছে ।

লগতে পঢ়ক : World Migratory Bird Day : পূৰ্বৰ দৰে কলিয়াবৰৰ জয়সাগৰ দলনিলৈ কলৰৱ তুলি নাহে পৰিভ্ৰমী পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.