ETV Bharat / bharat

Cyclone Mocha : চট্টগ্ৰাম আৰু বাৰিচালত ঘূৰ্ণীবতাহ মোচাৰ প্ৰভাৱ

author img

By

Published : May 14, 2023, 11:08 AM IST

বাংলাদেশৰ চট্টগ্ৰাম আৰু বাৰিচাল উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ মোচাই খুন্দা মাৰিছে (Mocha hits coastal areas of Bangladesh)। বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলীয় অঞ্চলৰ ফালে প্ৰতি ঘণ্টাত ২১০ কিঃমিঃ গতিবেগত আগবাঢ়িছে মোচা । বন্দৰবোৰত সতৰ্কবাণী জাৰি । প্ৰশাসনেও যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

Cyclone Mocha
চট্টগ্ৰাম আৰু বাৰিচালত ঘূৰ্ণীবতাহ মোচাৰ প্ৰভাৱ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ মে': বাংলাদেশত ঘূৰ্ণীবতাহ মোচা বা মোখাৰ প্ৰভাৱ আৰম্ভ হৈছে (Cyclone Mocha effects on Bangladesh)। বাংলাদেশ বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া বুলেটিন অনুসৰি চট্টগ্ৰাম আৰু বাৰিশালৰ উপকূলীয় অঞ্চলসমূহত ঘূৰ্ণীবতাহ মোচাৰ প্ৰান্তীয় প্ৰভাৱ আৰম্ভ হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ মোচা বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলীয় অঞ্চলৰ ফালে প্ৰতি ঘণ্টাত ২১০ কিঃমিঃ গতিবেগত আগবাঢ়িছে ।

জানিব পৰা মতে মাজনিশালৈ চাট্টগ্ৰাম বন্দৰৰ পৰা প্ৰায় ৪৯০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমে,কক্সবজাৰ বন্দৰৰ পৰা ৪১০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমত, মংলা বন্দৰৰ পৰা ৫৩০ কিলোমিটাৰ দক্ষিণে আৰু পায়েৰা বন্দৰৰ পৰা ৪৬০ কিলোমিটাৰ দক্ষিণে ঘূৰ্ণীবতাহ মোচাৰ প্ৰভাৱ শক্তিশালী হ'ব (Mocha hits coastal areas of Bangladesh)।

বাংলাদেশ বতৰ বিজ্ঞান বিভাগৰ মতে, ১৪ মে' অৰ্থাৎ আজি মোচাৰ প্ৰভাৱ অধিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে (BMD on cyclone Mocha)। পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত কক্স বজাৰ-উত্তৰ ম্যানমাৰৰ উপকূলত খুন্দা মাৰিব মোচাই । শেহতীয়া তথ্য অনুসৰি কোৱা হৈছে যে মাজনিশা ঘূৰ্ণীবতাহৰ সৰ্বাধিক নিৰন্তৰ গতি বেগ আছিল প্ৰায় ১৯০ কিলোমিটাৰ ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰে কৈছিল যে ঘূৰ্ণীবতাহ মোচাই দক্ষিণ-পূব বাংলাদেশ আৰু উত্তৰ ম্যানমাৰ অতিক্ৰম কৰিব আৰু প্ৰতি ঘণ্টাত ১৮০-১৯০ কিলোমিটাৰ বেগত গৈ ২১০ কিলোমিটাৰ পৰ্যন্ত অতিক্ৰম কৰিব । ইফালে কক্সবজাৰৰ সামুদ্ৰিক বন্দৰটোত গ্ৰেট ডেঞ্জাৰ চিগনেল ১০ প্ৰদৰ্শনৰ নিৰ্দেশ দিয়া হৈছে ।

ইয়াৰ উপৰিও, চট্টগ্ৰাম আৰু পায়েৰাৰ সামুদ্ৰিক বন্দৰসমূহত গ্ৰেট ডেঞ্জাৰ চিগনেল ৮ প্ৰদৰ্শন কৰাৰ নিৰ্দেশ দিয়া হৈছে । আনহাতে মংলাৰ সামুদ্ৰিক বন্দৰত স্থানীয় সতৰ্কতা সংকেত ৪ প্ৰদৰ্শনৰ নিৰ্দেশ দিয়া হৈছে । ইফালে কক্সবজাৰৰ উপকূলীয় জিলাৰ লগতে চাৰিওফালৰ দ্বীপসমূহত গ্ৰেট ডেঞ্জাৰ চিগনেল ১০ৰো নিৰ্দেশ দিয়া হৈছে । চট্টগ্ৰাম, ফেনি, নোৱাখালি, লক্ষ্মীপুৰ, চান্দপুৰ, বৰিশাল, পাটুৱাখালি, ঝালাকাথি, পিৰোজপুৰ, বৰগুনা আৰু ভোলাৰ লগতে ইয়াৰ বাহিৰৰ দ্বীপসমূহটো গ্ৰেট ডেঞ্জাৰ চিগনেল ৮ৰ নিৰ্দেশ দিয়া হৈছে ।

ইফালে দুৰ্যোগৰ কথা চিন্তা কৰি বাংলাদেশ আৰু ম্যানমাৰৰ বিভিন্ন সংস্থাসমূহে প্ৰস্তুতি চলাই আছে । ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ লাখ লাখ লোকৰ সহায়ৰ বাবে ব্যাপক জৰুৰী পৰিকল্পনা কৰা হৈছে । বৃহস্পতিবাৰে পুৱতি নিশা বংগোপসাগৰত সৃষ্টি হোৱা ক্ৰান্তীয় ঘূৰ্ণীবতাহ মোচাৰ গতিবেগ প্ৰতি ঘণ্টাত ২৪০ কিলোমিটাৰ আছিল ।

প্ৰশাসনৰ তথ্য অনুসৰি দুৰ্যোগৰ প্ৰস্তুতিৰ অংশস্বৰূপে প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ প্ৰাপ্ত ৩,০০০ তকৈও অধিক স্থানীয় স্বেচ্ছাসেৱকক শিবিৰসমূহত সাজু কৰি ৰখা হৈছে । ৭,৫০০ জৰুৰীকালীন আশ্ৰয় কিট, ৪,০০০ পৰিচ্ছন্নতা কিট আৰু ২,০০০ খোৱাপানীৰ কণ্টেইনাৰ বিতৰণৰ বাবে ৰখা হৈছে । এম্বুলেন্সসমূহো সাজু কৰি ৰখা হৈছে ।

ইয়াৰ মাজতে ৰাখাইন ৰাজ্য আৰু ম্যানমাৰৰ আয়েৰৱাডী অঞ্চলৰ বাসিন্দাসকলে তেওঁলোকৰ ঘৰৰ পৰা পলায়ন কৰি মন্দিৰ আৰু বিদ্যালয়বোৰত আশ্ৰয় ল'বলৈ আৰম্ভ কৰিছে । বহু স্থানত ঘূৰ্ণীবতাহৰ সজাগতা অভিযানৰো আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :Rahul Gandhi on Karnataka win : কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ হৈছে আৰু প্ৰেমৰ দোকান খুলিছে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.