কানাডাৰ বিৰুদ্ধে খেলৰ পাচতে ঘৰমুৱা হ’ব দুই ভাৰতীয় খেলুৱৈ - T20 World Cup 2024
T20 World Cup 2024 : ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এটা ডাঙৰ খবৰ ৷ টি-২০ বিশ্বকাপ ২০২৪ ৰ পৰা উভতি আহিব পাৰে দুই ভাৰতীয় খেলুৱৈ । কোন কোন সেই খেলুৱৈ কেইজন...

Published : June 14, 2024 at 8:44 AM IST
স্প’ৰ্টছ ডেস্ক, ১৪ জুন : ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপ ২০২৪ ত আশ্চৰ্যজনক প্ৰদৰ্শন আগবঢ়াইছে । লীগ পৰ্যায়ত এতিয়ালৈকে খেলা ৩ খন মেচতে জয়লাভ কৰিছে ভাৰতে । প্ৰথমখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে ভাৰতে ৷ তাৰ পাচত দলটোৱে পাকিস্তানক ৬ ৰাণত পৰাস্ত কৰে ।
ইয়াৰ পিছত টিম ইণ্ডিয়াই তৃতীয়খন লীগ মেচত ১০ টা বল বাকী থকা অৱস্থাত ঘৰুৱা দল ইউ এছ এ (আমেৰিকা)ক ৭ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে মেন ইন ব্লুৱে ছুপাৰ-৮ ত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।
২ জন খেলুৱৈক দলৰ পৰা ছুটি দিয়া হ’ব পাৰে
টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে ভাৰতীয় দলটোত ১৫ জন খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছিল । ইয়াৰ উপৰিও ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে ৰিংকু সিং, খলীল আহমেদ, শুভ্মন গিল আৰু আভেশ খানকে আদি কৰি ৪ জন খেলুৱৈক দলত সংযোজন কৰা হয় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই খেলুৱৈসকলৰ দুজনক দলটোৰ পৰা ডিচচাৰ্জ কৰা হ’ব পাৰে ।
গিল আৰু আভেছক ডিচচাৰ্জ দিয়া হ’ব পাৰে
টিম ইণ্ডিয়াই ১৫ জুনত কানাডাৰ সৈতে লীগ পৰ্যায়ৰ অন্তিমখন মেচ খেলিব লাগিব । খবৰ অনুসৰি, এই মেচৰ পাচতে শুভ্মন গিল আৰু আবেশ খানক ভাৰতীয় দলৰ পৰা ডিচচাৰ্জ দিয়া হ’ব পাৰে । ইয়াৰ পিছত এই দুয়োগৰাকী খেলুৱৈ ট্ৰেভেলিং ৰিজাৰ্ভৰ অংশ নহ’ব আৰু পুনৰ ভাৰতলৈ উভতি আহিব লাগিব । এনে পৰিস্থিতিত কেৱল খলিল আহমেদ আৰু ৰিংকু সিংহে ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে দলৰ সৈতে থাকিব ।
টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াৰ দল
দল - ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), যশস্বী জয়ছৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহল, আৰ্ছদীপ সিং, জস্প্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।
ৰিজাৰ্ভ খেলুৱৈ – শুভ্মান গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আবেশ খান ।
লগতে পঢ়ক : টি 20 বিশ্বকাপ : ইংলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত পৰাস্ত ওমান - T20 World Cup 2024

