ETV Bharat / bharat

Rahul Gandhi on Karnataka win : কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ হৈছে আৰু প্ৰেমৰ দোকান খুলিছে; ৰাহুল গান্ধী

author img

By

Published : May 13, 2023, 7:40 PM IST

এইবাৰ কৰ্ণাটকত বিজয়ী পতাকা উৰুৱালে কংগ্ৰেছ দলে (Congress won Karnataka Election 2023) ৷ কংগ্ৰেছৰ এই বিজয় উল্লাসক লৈ ৰাহুল গান্ধীয়েও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ তেওঁ কৈছে এতিয়া বিজেপিৰ বজাৰ বন্ধ হৈছে আৰু কংগ্ৰেছৰ প্ৰেমৰ দোকান খুলিছে (Rahul Gandhi on victory in Karnataka)৷

congress won Karnataka Election 2023
কৰ্ণাটকত বিজয়ী পতাকা উৰুৱালে কংগ্ৰেছ দলে

কৰ্ণাটকত বিজয়ী পতাকা উৰুৱালে কংগ্ৰেছ দলে

নেশ্যনেল ডেস্ক, ১৩ মে’ : ‘‘কৰ্ণাটকৰ জনসাধাৰণ, দলীয় কৰ্মী আৰু নেতাসকলক ধন্যবাদ আৰু অভিনন্দন জনাইছো । মই সুখী যে আমি কোনো অসৎ পন্থা ব্যৱহাৰ নকৰাকৈয়ে কৰ্ণাটক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলো । আমি নিৰ্বাচনত মৰমেৰে যুঁজ দিছিলো । কৰ্ণাটকত ‘‘নফ্ৰাত কা বজাৰ (ঘৃণাৰ বজাৰ)’’ বন্ধ হৈ গৈছে আৰু ‘‘মোহব্বত কি দুকানেই’’ (প্ৰেমৰ দোকান) খুলিছে (mohabbat ki dukaanein) ৷’’ ২০২৩ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা পাচত শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীয়ে (Karnataka Election Result 2023) ।

তেওঁ কয়, ‘‘বিজেপিৰ বজাৰ বন্ধ হ’ল ৷ দুখীয়া মানুহৰ শক্তিয়ে পুঁজিপতিৰ ক্ষমতাক পৰাস্ত কৰিলে । দুখীয়া মানুহৰ শক্তি আছিল’’ (Rahul Gandhi on victory in Karnataka) ৷ লগতে তেওঁ এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাৰ আগন্তুক নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে সাংসদ ৰাহুল গান্ধীয়ে (Congress won Karnataka Election 2023) ৷

লগতে পঢ়ক : Karnataka Election Result 2023 : ছোনিয়া গান্ধীক আশ্বাস দিছিলোঁ- আৱেগত ভাগি পৰিল ডি কে শিৱকুমাৰ

শেহতীয়া তথ্য অনুসৰি, কংগ্ৰেছ দলটোৱে ১৩৬ খন আসন দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে, বিজেপি ৬৫ খন আসনত আৰু জনতা দল চেকুলাৰে ১৯ খন আসনত জয়লাভৰ বিপৰীতে অন্যান্যই ৪ খন আসনত বিজয় সাব্যস্ত কৰে । এই ভোটৰ শতাংশ হিচাবে ক’বলৈ গ’লে কংগ্ৰেছে ৪৩ শতাংশ, বিজেপিয়ে ৩৬ শতাংশ আৰু জেডি (এছ)য়ে ১৩.২ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে দলৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছী কৰ্মীসকলে ফটকা ফুটাই, মিঠাই বিতৰণ কৰাৰ লগতে বিভিন্ন নৃত্য কৰি বিজয় উল্লাস কৰে ৷

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে জনাদেশ হিচাবে অভিহিত কৰে সিদ্দাৰামাইয়াই ৷ তেওঁ কয় যে এই নিৰ্বাচন অহা বছৰৰ লোকসভা নিৰ্বাচনৰ বাবে এক মাইলৰ খুঁটি হিচাবে পৰিগণিত হ’ব (Siddaramaiah on PM candidate)।

বিধানসভাৰ বিৰোধী দলপতিগৰাকীয়ে কয় যে, ‘‘মই ভাবো এই নিৰ্বাচন এক গুৰুত্বপূৰ্ণ নিৰ্বাচন । এই নিৰ্বাচনৰ এই ফলাফল ২০২৪ চনত লোকসভা নিৰ্বাচনত দলটোৰ বাবে ষ্টেপিং ষ্টোন (Stepping stone for congress in ২০২৪ Lok Sabha election) ৷ ৰাহুল গান্ধী হয়তো এই দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে’’ ৷

বৰুণা সমষ্টিৰ পৰা বৰ্তমানৰ বিজেপি মন্ত্ৰী ভি সোমনাক পৰাস্ত কৰি নিৰ্বাচনত জয়ী হোৱা সিদ্দাৰামাইয়াই কয় যে অ-বিজেপি দলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত একত্ৰিত হ’ব লাগে ৷ যাতে বিজেপি পৰাজিত হয় ।

লগতে পঢ়ক : Karnataka Election results : ৰাহুল গান্ধীয়ে হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী;সিদ্দৰামাইয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.