পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:07 PM IST

thumbnail

চতিয়া, 8 জানুৱাৰী : উত্তৰ অসমৰ ৰাইজৰ লগতে পৰ্যটকৰ বাবে সুখবৰ ৷ আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হয় ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন ৷ জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা এই ষষ্ঠ সংযোজন এলেকা পৰ্যটকৰ বাবে আজি ফিটা কাটি মুকলি কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

এশিঙীয়া গড়, বনৰীয়া হাতী, জাক জাক হৰিণ, ঢেকীয়াপতীয়া বাঘৰ লগতে বহু বন্য জীৱ-জন্তুৰ বিচৰণ ভূমি পানপুৰ বনাঞ্চলে অসমৰ পৰ্যটন মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে চতিয়াৰ বিধায়ক গৰাকীয়ে ৷ অনুষ্ঠানত বনবিভাগৰ উচ্চ পদস্থ বিষয়ববীয়া সকলো উপস্থিত থাকে ৷

উল্লেখ্য যে শীতৰ বতৰত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহি পানপুৰ বনাঞ্চলৰ বিভিন্ন জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী পক্ষীৰ নান্দনিক জলকেলিৰ দৃশ্যও পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ 

লগতে পঢ়ক : আঁহতগুৰিৰ মহযুঁজ উপভোগৰ বাবে মুখ্যমন্ত্ৰীক আমন্ত্ৰণ: পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.