New Liquor license in Assam: মদ খুৱাই নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা পাহৰাব বিচাৰিছে চৰকাৰে : কমলাক্ষ দে’ পুৰকায়স্থ

By

Published : Dec 28, 2022, 10:39 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

প্ৰতিশ্ৰুতি অনুসৰি বিজেপি চৰকাৰে চাকৰি প্ৰদান কৰিব নোৱাৰিলে ৷ চাকৰিৰ পৰিৱৰ্তে অসমৰ ল’ৰাৰ হাতত সুৰাৰ বটল দিছে চৰকাৰে (New Liquor license in Assam)৷ এই মন্তব্য কংগ্ৰেছ দলৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ ৷ অসম চৰকাৰে সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ সন্দৰ্ভত তেজপুৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ কয় যে, নিৰ্বাচনৰ সময়ত বিজেপিয়ে দেখুওৱা সপোন বাস্তৱায়িত কৰিব পৰা নাই (BJP manifesto)৷ সেই প্ৰতিশ্ৰুতিসমূহ যাতে ৰাইজে পাহৰি থাকিব পাৰে তাৰ বাবেই চৰকাৰে সকলোকে মদ খুওৱাৰ ব্যৱস্থা কৰা বুলি তাচ্ছিল্য কৰে কমলাক্ষ দে' পুৰকায়স্থই (MLA Kamalakhya Dey Purkayastha)৷ লগতে তেওঁ অসমৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.