Viral video of a helpless Dog: জীৱশ্ৰেষ্ঠৰ কু-কৰ্মত দিশহাৰা এটি কুকুৰ

By

Published : Mar 30, 2023, 1:37 PM IST

thumbnail

কলিয়াবৰ, 30 মাৰ্চ : ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা দুখলগা ভিডিঅ’ ৷ গৰাকী বিহীন এটা কুকুৰৰ এই ভিডিঅ’টোৱে দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ ৷ কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভাইৰেল হৈ পৰিছে ভিডিঅ’টো ( helpless dog viral video ) ৷

এটা দিশহাৰা কুকুৰ ৷ অসহায়ভাবে আগবাঢ়ি গৈ আছে অচিন বাটেৰে ৷ উভতি আহিব পৰা নাই নিজৰ চিনাকি ঠাইডোখৰলৈ, কাৰণ সি যে কথাৰে মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে ৷ সেয়ে গৈ আছে গাড়ীৰ চালকে যেনি নিছে নিজ বাহন ৷

কোনো দুষ্ট লোকে ৰং চাবলৈ এই কুকুৰটো ৰৈ থকা ট্ৰাক এখনৰ পিছফালে উঠাই দিছিল ৷ ঠিক তেনে সময়তে চালকে চলাই দিলে ট্ৰাকখন ৷ চালকেও নাজানে যে তেওঁৰ ট্ৰাকৰ পিছফালে কুকুৰ এটা উঠি আছে ৷ এতিয়া চলি থকা ট্ৰাকখনৰ পৰা কেনেকৈ নামিব কুকুৰটো ! উপায়হীন হৈ পৰিছে নিষ্পাপ কুকুৰটো ৷

দৃশ্যটো কলিয়াবৰৰ ৰাঙলুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (Kaliabor helpless dog viral video ) । ভাইৰেল হোৱা ভিডিঅ’টোত দেখা পোৱা গৈছে যে কুকুৰটোৱে ট্ৰাকখনৰ পৰা নামিবলৈ বহু চেষ্টা কৰিছিল, কিন্তু ট্ৰাকখন চলি গৈ থকাৰ বাবে হয়তো ভয়ত বাৰে বাৰে থমকি ৰৈছে সি । ট্ৰাকত গৈ থকা অসহায় কুকুৰটো পথৰ কাষৰ বহু লোকে প্ৰত্যক্ষ কৰিছিল ।

লগতে পঢ়ক : Assam girl died mysteriously abroad: বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু মৰাণৰ বৰষা কাকতিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.