যোৰহাটৰ মাৰোৱাৰী পট্টিত সংঘটিত ডকাইতি কাণ্ডত জড়িত আন এজন ডকাইতক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 12:45 PM IST

thumbnail

যোৰহাট, 7 ডিচেম্বৰ : যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা ৷ 25 নৱেম্বৰত যোৰহাটৰ মাৰোৱাৰী পট্টিত সংঘটিত ডকাইতি কাণ্ডৰ লগত জড়িত আন এটা ডকাইতক আটক কৰিলে যোৰহাট আৰক্ষীয়ে ৷ আটক কৰা ডকাইতটোৰ নাম ৰাহুল পাল বুলি জানিব পৰা গৈছে ৷ ধৃত পালে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ এক স্থানত আত্মগোপন কৰি আছিল ৷ বুধবাৰে নিশা ধেমাজি আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে অভিযান চলাই আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে পালক ৷ বৰ্তমানলৈকে উক্ত ঘটনাৰ লগত জড়িত চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিপৰীতে বৰ্তমানেও পলাতক হৈ আছে ঘটনাৰ লগত জড়িত আন দুজন ডকাইত ৷

উল্লেখ্য যে, 25 নৱেম্বৰৰ নিশা যোৰহাটৰ মাৰোৱাৰী পট্টিত মিহিৰ ডালমিয়া নামৰ এজন ব্যৱসায়ীক আক্ৰমণ কৰি 16.50 লাখ টকা থকা এটা বেগ কাঢ়ি লৈ গৈছিল ডকাইতৰ দলেটোৱে । সেই ঘটনাৰ পাচতে উপেন সৰকাৰ, অভিজিৎ সৰকাৰ আৰু আন এজন লোকক আটক কৰিছিল যোৰহাট আৰক্ষীয়ে ৷ আটক কৰা তিনিটা ডকাইতৰ পৰাৰ উদ্ধাৰ কৰা হৈছিল নগদ 4.54 লাখ টকা, দুখন বাইক, হেলমেট, বেট আৰু ডকাইতি কাণ্ডত ব্যাৱহাৰ কৰা অন্যান্য সামগ্ৰী ৷

লগতে পঢ়ক : ৰাজনীতিৰ পথাৰত প্ৰৱেশ নকৰাৰ অংগীকাৰ গীতাৱলী ৰাজকুমাৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.