Mysterious suicide: জোনাইত গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 1:31 PM IST

thumbnail

জোনাই, 5 ছেপ্টেম্বৰ: জোনাই আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ৰাজাখানা গাঁৱত এজন প্ৰায় 55 বছৰীয়া লোকে নিজ ঘৰৰ কাষৰ এজোপা গছত চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি  ৷ জানিব পৰা মতে মঙলবাৰে পুৱা প্ৰায় 7.30 বজাত ঘৰৰ কাষতে থকা এজোপা গছত লোকজনক চিপ লৈ মৃত হৈ থকা ঘৰৰ মানুহৰ লগতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৷ তাৰপিচতে জোনাই আৰক্ষীক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ 

লোকজন অৰুণাচল প্ৰদেশত কৃষি কৰ্মত নিয়োজিত হৈ আছিল বুলি জানিব পৰা গৈছে ৷ সোমবাৰে জোনাইস্থিত ঘৰত উপস্থিত হোৱাৰ পিচতে কি কাৰণে নিশা চিপ লৈ আত্মহত্যা কৰিলে ইয়াৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: Deprived teachers: চৰকাৰৰ বঞ্চনা; দিন-হাজিৰা কৰি সংসাৰ পোহপাল দিছে ৰাজ্যৰ একাংশ শিক্ষকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.