Bihu programme in Charaideo : ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰাসংগিক বিজেপি দল: মন্ত্ৰী যোগেন মহন

By

Published : May 13, 2023, 10:06 AM IST

Updated : May 13, 2023, 10:16 AM IST

thumbnail

ডিব্ৰুগড়, 13 মে’ : কৰ্ণাটক নিৰ্বাচনক লৈ আশাবাদী বিজেপি দলৰ দুই নেতা সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী যোগেন মহন ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত বিজেপি দলটো প্ৰাসংগিক হৈ পৰা বুলি উল্লেখ কৰি আজি ঘোষিত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনত দলটোৱে বিজয় লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী যোগেন মহনে ৷

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত চেপন ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ প্ৰাংগণত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohon on Karnataka Election) ।

বিজেপিৰ সাংসদ তপন কুমাৰ গগৈয়েও কৰ্ণাটকৰ নিৰ্বাচনক লৈ বিজেপি দলটো আশাবাদী বুলি উল্লেখ কৰে ৷ মাহমৰা উন্নয়ন মঞ্চৰ উদ্যোগত, মাহমৰা সমষ্টিবাসী আৰু নিজখালৈঘোগুৰা আৰু ডবা পঞ্চায়তবাসীৰ সহযোগত আয়োজিত অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন উপস্থিত থাকে ৷

ইয়াৰ উপৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সৌমাৰজ্যোতি মহন্ত, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁ‌ৱৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উক্ত অনুষ্ঠানত উপস্থিত থাকে (MP Topon Kumar Gogoi on Karnataka Election) ।

লগতে পঢ়ক :   Karnataka election 2023 : কৰ্ণাটকত কোনে মাৰিব বিজয়ৰ হাঁহি?

Last Updated : May 13, 2023, 10:16 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.