ETV Bharat / bharat

Karnataka election 2023 : কৰ্ণাটকত কোনে মাৰিব বিজয়ৰ হাঁহি?

author img

By

Published : May 13, 2023, 7:55 AM IST

Updated : May 13, 2023, 9:53 AM IST

সদ্য সমাপ্ত কৰ্ণাটক নিৰ্বাচনৰ শনিবাৰে হ’ব ভোটগণনা ৷ 10 মে’ৰ দিনা ই ভি এমত বন্দী হৈছিল 2615 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যৎ ৷ ভোটগণনাক লৈ দেশবাসীৰ মাজত বৃদ্ধি পাইছে তীব্ৰ উৎকন্ঠা (Karnataka election 2023 result) ৷

Karnataka election 2023 result latest update
আজি হ’ব ভোটগণনা

নেশ্যনেল ডেস্ক, 13 মে’ : আজি অনুষ্ঠিত হ’ব সদ্য সমাপ্ত কৰ্ণাটক নিৰ্বাচনৰ ভোটগণনা ৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটদান সম্পূর্ণ হোৱাৰ পিচত শনিবাৰে হ’বলগীয়া ভোটগণনাক লৈ কৰ্ণাটকৰ লগতে সমগ্ৰ দেশবাসী অতিশয় উদ্বিগ্নতাৰে ৰোৱা পৰিলক্ষিত হৈছে ৷ এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়চোৱাত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি, মূল বিৰোধী দল কংগ্ৰেছ আৰু জনতা দল (চেকুলাৰ)ৰ মাজত কঠোৰ যুঁজ পৰিলক্ষিত হৈছিল যদিও ক্ষমতাৰ বাঘজৰী কাৰ হাতলৈ যায় সেয়া কিছু সময়ৰ পিচতে স্পষ্ট হ’ব (karnataka results 2023) ।

ৰাজ্যখনৰ মূল দলকেইটাৰ তুমুল নিৰ্বাচনী যুঁজৰ ফলত অনিশ্চয়তাৰ গৰাহত পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বাসৱৰাজ বমমাই, কংগ্ৰেছ নেতা সিদ্দাৰমাইয়া আৰু ডি কে শিৱকুমাৰ আৰু জনতা দল (চেকুলাৰ)ৰ এইচ ডি কুমাৰস্বামীকে ধৰি আন কেইবাজনো ক্ষমতাশালী নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ । ৰাজ্যৰ 36 টা কেন্দ্ৰত আজি পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব আৰু বিয়লিৰ ভিতৰত ৰাজ্যখনৰ ভৱিষ্যত ৰাজনৈতিক পৰিস্থিতিৰ ছবি স্পষ্ট হ’ব বুলি নির্বাচনী বিষয়াসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া ৰাজ্যজুৰি বিশেষকৈ গণনা কেন্দ্ৰ আৰু ইয়াৰ আশে-পাশে কোনো ধৰণৰ অশুভ কাণ্ডৰ সংঘটিত নহ’বৰ বাবে কটকটীয়া কৰি তোলা হৈছে গণনা কেন্দ্ৰৰ চৌপাশৰ নিৰাপত্তা ব্যৱস্থা । উল্লেখ্য যে, 10 মে’ত ৰাজ্যখনৰ 224 জনীয়া বিধানসভাৰ নিৰ্বাচনত অভিলেখ সংখ্যক 73.19 শতাংশ ভোটদান সম্পন্ন হৈছিল (Karnataka assembly election 2023 result) ।

কৰ্ণাটকত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিযোগিতা হ’ব বুলি অধিকাংশ এগজিট প’লে ভৱিষ্যদ্বাণী কৰাৰ পাচত দেশৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ মাজত তীব্ৰ অস্থিৰতা পৰিলক্ষিত হৈছে ৷ আনহাতে একাংশই ৰাজ্যখনত ওলমা চৰকাৰ গঠন হ’ব বুলিও ভৱিষ্যদ্বাণী কৰা পৰিলক্ষিত হৈছে (Karnataka election exit poll result) ৷ আনহাতে, ৰাজ্যখনত 38 বছৰ ধৰি শাসন চলাই অহা শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে কোনোপধ্যেই শাসনৰ বাঘজৰীডাল এৰি দিব বিচৰা নাই, যাৰবাবে দলটোৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ গৈ ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছিল ৷

একে সময়তে আগন্তুক 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছেও কৰ্ণাটকৰ বাঘজৰী হাতলৈ আনিবলৈ তৎপৰ হোৱা দেখা গৈছিল ৷ দলটোৰ নেতা-কৰ্মীৰ মাজত নতুন উদ্যম জগাই তোলাৰ ক্ষেত্ৰত কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ সমান্তৰালভাৱে জনতা দলে(চেকুলাৰ) সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনী যুঁজত নমা পৰিলক্ষিত হৈছিল ৷

উল্লেখ্য যে, বিজেপি, কংগ্ৰেছ আৰু জনতা দল (চেকুলাৰ)ৰ লগতে দিল্লী আৰু পঞ্জাৱৰ শাসকীয় দল আম আদমী পাৰ্টিয়েও কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে কিছু সমষ্টিত একাংশ ক্ষুদ্ৰ ক্ষুদ্ৰ দলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে ৷ এতিয়া এই ৰাজনৈতিক যুঁজত কোনে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় সেয়াহে হ’ব গুৰুত্বপূৰ্ণ বিষয় (aam aadmi party) ।

লগতে পঢ়ক : The Kerala Story Controversy: চিনেমাক লৈ ৰাজনীতি নকৰিববলৈ আহ্বান বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

Last Updated :May 13, 2023, 9:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.