কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচন
Published: Nov 21, 2023, 8:46 PM
মৰাণ, ২১ নৱেম্বৰ: কেপ্তেইন জিন্টু গগৈক শ্ৰদ্ধাৰ জনাই প্ৰতিবছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ'ব কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতা। ডিব্ৰুগড়ত আজি কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচন কৰা হয় । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় পুথিভঁৰাল প্ৰেক্ষাগৃহত অধিনায়ক জিন্টু গগৈৰ বীৰ চক্ৰ ১৯ সংখ্যক সংস্কৰণৰ ফুটবল প্ৰতিযোগিতা ট্ৰফী (বঁটা) আনুষ্ঠানিকভাৱে উন্মোচন কৰে উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই ।
অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান,আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হ'বলগা ১৯ সংখ্যক কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাখন অহা ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দুলীয়াজান আৰু ডিগবৈত খেলসমূহ অনুষ্ঠিত হ'ব ।
কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচন কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক বলীন চেতিয়া, তৰংগ গগৈ, মেজৰ জেনেৰেল সুমিত কবটিয়া, ব্ৰিগেডিয়াৰ কে এছ গিলৰ লগতে সেনা বাহিনীৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া ।
লগতে পঢ়ক:ব্ৰহ্মপুত্ৰও খান্দিব উত্তৰ-পূবত উন্নয়নৰ চকাও দ্ৰুত গতিত ঘূৰিব; সোণোৱালৰ আশ্বাস