ETV Bharat / state

ব্ৰহ্মপুত্ৰও খান্দিব উত্তৰ-পূবত উন্নয়নৰ চকাও দ্ৰুত গতিত ঘূৰিব; সোণোৱালৰ আশ্বাস

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 6:02 PM IST

Updated : Nov 21, 2023, 6:10 PM IST

মঙলবাৰে গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ উত্তৰ-পূবত দ্ৰুত উন্নয়নৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ 88 টা স্থানত খনন চলোৱাৰ কথাও ক’লে সোণোৱালে ৷

river bed of brahmaputra
Sarbananda Sonowal in Guwahati

গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২১ নৱেম্বৰ: গুৱাহাটীত বিভাগীয় প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান ল’লে কেন্দ্ৰীয় আয়ুস, বন্দৰ-জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আয়ুস, বন্দৰ-জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰণালয়ৰ অধীনত ১১০০ কোটি টকাৰে ২৫ টা প্ৰকল্পৰ কাম চলি আছে উত্তৰ-পূৰ্বাঞ্চলত ৷ এই সন্দৰ্ভত এখন পৰ্যালোচনা সভাত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷

পৰ্যালোচনা সভাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকসকলক সম্বোধন‌ কৰি‌ কয় যে আয়ুস, বন্দৰ-জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত যোৱা দুটা বছৰত ইতিমধ্যে ৰূপায়ণ কৰি থকা প্ৰকল্পসমূহ অহা জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে । তেওঁ কয় যে যিসমূহ প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হোৱা নাই সেইসমূহ প্ৰকল্প অহা জানুৱাৰীৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

অহা সময়ছোৱাত Techno economic survey of feasibility ৰ অধ্যয়নৰ ভিত্তিত অসম, নগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ লগত জলপথ ব্যৱস্থাৰ উন্নয়ন কৰি চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগতো বেপাৰ-বাণিজ্য শক্তিশালী ৰূপত গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে জনায় ।

সোণোৱালে জনায় যে বন্দৰ-জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধ্যয়ন মতে ব্ৰহ্মপুত্ৰ নদীৰ ৮৮ টা স্থানত পানীৰ গভীৰতা হ্ৰাস পাইছে । যাৰ‌ বাবে জাহাজ চলাচল‌ ব্যৱস্থা সুচল‌ কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ নদীৰ ৮৮ টা স্থানত খনন‌ কৰাৰ‌ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়া হৈছে ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত ৰূপায়ণ কৰি থকা পান্ডুৰ জাহাজ মেৰামতি কৰাখানা, যোগীঘোপাৰ Multi model terminal আৰু ধুবুৰীৰ স্থায়ী কাৰ্গো টাৰ্মিনেল নিৰ্মাণৰ কামৰো পৰ্যালোচনা‌ কৰে ৷

লগতে পঢ়ক: কোকৰাঝাৰ-ডিফুত কংগ্ৰেছ জিকিলে ৰাজনৈতিক কেৰিয়াৰৰ ডাঙৰ সিদ্ধান্ত ল’ব পীযুষ হাজৰীকাই

Last Updated : Nov 21, 2023, 6:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.