Jania Constituency: বিভিন্ন সমস্যা সন্দৰ্ভত জনীয়াৰ বিধায়কৰ হাফিজ ৰফিকুল ইছলামৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 11:58 AM IST

thumbnail

জনীয়া, 5 ছেপ্টেম্বৰ: জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে মঙলবাৰে সম্বোধন কৰে সংবাদমেলৰ ৷ মন্দিয়া উপ-জিলাৰ সদৰ ঠাইৰ কাৰ্যালয় স্থাপনক লৈ অব্যাহত থকা চৰ্চা সম্পৰ্কত সংবাদমেলৰ আয়োজন কৰে বিধায়কগৰাকীয়ে । মন্দিয়া উপ-জিলাৰ সদৰ ঠাইৰ কাৰ্যালয় কলগাছিয়াত হ’ব লাগে বুলি যুক্তিসহকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে । 

প্ৰয়াত ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদৰ সপোন তথা কলগাছিয়াবাসীয়ে 40/50 বছৰ ধৰি কলগাছিয়াক মহকুমাৰ মৰ্যাদা দিবলৈ অৰ্থাৎ বৰ্তমানৰ মন্দিয়া উপ-জিলাৰ সদৰ ঠাইৰ কাৰ্যালয় কলগাছিয়াত স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায় । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলগাছিয়াবাসীৰ সপোন বাস্তৱায়িত কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ 

ইফালে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহীত অব্যাহত আছে বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া । 15 দিনত 50 টা পৰিয়ালৰ ভেটি মাটি উছন হৈছে গৰাখহনীয়াৰ কৱলত পৰি । মঙগলবাৰে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে । গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি কলগাছিয়াত সংবাদমেল সম্বোধন কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: Erosion in Assam: গৰাখহনীয়াগ্ৰস্তলৈ সহায়ৰ হাত AIDWA ৰ, নিৰ্বিকাৰ ভূমিকাত স্থানীয় বিধায়ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.