Statue of Srimanta Sankardeva: হোজাইত শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্ণাগ মূৰ্তি স্থাপন

By

Published : Jun 19, 2023, 8:26 PM IST

thumbnail

হোজাই,১৯ জুন: পূৰ্ণ হ'ল হোজাইৰ শংকৰদেৱ নগৰবাসীৰ দীৰ্ঘদিনীয়া সপোন । বহু প্ৰতীক্ষাৰ অন্তত হোজাইৰ শংকৰদেৱ নগৰত সোমবাৰে স্থাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পূৰ্ণাংগ মূৰ্তি । গায়ন-বায়নেৰে ধৰ্মীয় ৰীতি-নীতিৰে শংকৰদেৱ নগৰৰ আৱৰ্ত ভৱনৰ সন্মূখৰ পাৰ্কত স্থাপন কৰা হয় মূৰ্তিভাগ ।  

হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সদৌ অসম ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ শিলাদিত্যদেৱে সোমবাৰে শুভ উদ্বোধন কৰে গুৰুজনাৰ মূৰ্তি ভাগ । উল্লেখ্য যে, হোজাই সমষ্টিৰ বিধায়ক হৈ থকা অৱস্থাতেই ২০২০-২১ চনত শংকৰদেৱ নগৰত মহাপুৰুষজনাৰ এভাগ মূৰ্তি থকাৰ প্ৰযোজনীয়তা অনুভৱ কৰি আধাৰশিলা স্থাপন কৰিছিল শিলাদিত্য দেৱে আৰু আজি মূৰ্তিভাগ স্থাপন হোৱাত সুখী বুলি ব্যক্ত কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে । 

লগতে পঢ়ক: War Against Drugs: যোৱা দুদিনত ডিমা হাছাওত ড্ৰাগছ সহ পাঁচ যুৱকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.